নিউজ ডেস্ক, 31 আগষ্ট : ভদীয়া বানে এতিয়া সমগ্ৰ অসমতে কালৰূপ ধাৰণ কৰিছে ৷ জনসাধাৰণৰ লগতে এতিয়া জীৱকূললৈও অশনি সংকেত কঢ়িয়াই আনিছে বলীয়া বানে ৷ মঙলবাৰে জোনাইৰ দাৰীয়া চাপৰিত বনৰ কবলত পৰি ৩ টা ঘোঁৰাৰ মৃত্যু হয় ৷ বিগত প্ৰায় দহদিনে চিয়াং নদীৰ বানত আৱদ্ধ হৈ আছিল এই ঘোঁৰা কেইটা ৷
![Three forest domestic horses Dead for flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/horsestuckinfloodrescued_30082021185206_3008f_1630329726_770.jpg)
বানৰ মাজত আৱদ্ধ হৈ থকা ঘোঁৰাকেইটাৰ ৩ টা ঘোঁৰাৰ খাদ্য আৰু বাসস্থানৰ অভাৱত মৃত্যু হয় ৷ আনহাতে, বাকী ২ টা ঘোঁৰাৰো অৱস্থা অতি সংকটজনক হৈ পৰিছিল । এই সন্দৰ্ভত একাংশ সাংবাদিকে জোনাইৰ বন বিভাগক উদ্ধাৰৰ বাবে আহ্বান জনাই যদিও বন বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়ে ৷
দেওবাৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে পশু চিকিৎসকক লগত লৈ আৰু SDRF বাহিনীৰ সহযোগত চিয়াং নদীৰ সোঁতক নেওচি দাৰীয়া চাপৰিত আৱদ্ধ হৈ থকা ঘোঁৰা দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা ঘোঁৰা দুটা খাদ্য আৰু বাসস্থানৰ অভাৱত অতি দুৰ্বল হৈ পৰিছিল ।
![Three forest domestic horses Dead for flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dib-801to802-horse-death-as10043_29082021163820_2908f_1630235300_150.jpg)
অৱশেষত ঘোঁৰাকেইটাক উদ্ধাৰ কৰি পশু চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিচতে এছডিআৰএফ বাহিনীয়ে নাৱেৰে জোনাইলৈ আনে । ইফালে দুটা ঘোঁৰা উদ্ধাৰ কৰাৰ পিচতে জোনাই বন বিভাগক চমজাই দিয়া হয় যদিও জোনাই বন বিভাগে চমজি নোলোৱাত বৰ্তমান ঘোঁৰা দুটাক জোনাইৰ এছডিআৰএফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ এছ অ’ প্ৰশান্ত পেগুৰ অধীনত বিভাগটোৰ কাৰ্যালয় চৌহদত নিৰাপদে ৰখা হৈছে । ঘোঁৰা দুটাক প্ৰয়োজনীয় খাদ্য আৰু চিকিৎসা প্ৰদান কৰি ৰখা বুলি জানিব পৰা গৈছে ।
![Three forest domestic horses Dead for flood](https://etvbharatimages.akamaized.net/etvbharat/prod-images/horsestuckinfloodrescued_30082021185206_3008f_1630329726_268.jpg)
ইফালে, এই ঘটনাটো সন্দৰ্ভত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰা( feral horses)ৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছিল ৷ অৱশ্যে, সম্প্ৰতি বন বিভাগে ঘোঁৰা কেইটা বন ঘৰচীয়া ঘোঁৰা নাছিল বুলি স্পষ্টীকৰণ দিছে ৷ তিনিচুকীয়া জিলাৰ ডিএফঅ’ গৰাকীয়ে সম্প্ৰতি এই কথা নস্যাৎ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কোন বনৰীয়া ঘোঁৰাৰ মৃত্যু নাই হোৱা বুলি জানিবলৈ দিছে ৷
লগতে পঢ়ক : কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি