মৰাণ, 2 জুলাই : কেৱল শ্ৰম আৰু ভোটৰ বাবেহে চৰকাৰক যেন প্ৰয়োজন চাহ শ্ৰমিকক ৷ চাহ শ্ৰমিকৰ দীৰ্ঘ দিনীয়া দাবী পূৰণ ভোট লাভৰ বাবে দিয়া একোটা আশাতহে পৰিণত হৈছে ৷ ভোটৰ আগে আগে প্ৰতিটো দলৰ নেতাই চাহ শ্ৰমিকসকলক প্ৰতিশ্ৰুতি দিয়ে, মজুৰি বৃদ্ধি কৰাৰ তথা অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ৷ কিন্তু নিৰ্বাচন যোৱাৰ পাচত সকলো সেই প্ৰতিশ্ৰুতিৰো ম্যাদ শেষ হয় ৷ যাৰ বাবে প্ৰায়েই প্ৰাপ্য মজুৰিৰ বাবে প্ৰতিবাদত নামিব লগীয়া হয় চাহ শ্ৰমিকসকল ৷
বিশেষকৈ অসমৰ চাহ কোম্পানী সমূহক নিয়ন্ত্ৰণ কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে । ফলত চাহ বাগিচা সমূহৰ কৰ্মচাৰীকে ধৰি বহু শ্ৰমিক সকলে মাহৰ পিচত মাহ মজুৰি লাভ নকৰাকৈয়ে কাম কৰি যাবলগীয়া হৈছে । চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলক উচিত মূল্য দিয়া হৈছে বুলি কৈ থকাৰ সময়তে 9 মাহ দিন ধৰি বেতন নোপোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মদাৰখাট চাহ বাগিচা (Modarkhat Tea Garden)ৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত ন্যায্য প্ৰাপ্তিৰ দাবীত চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ লগতে শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে মদাৰখাট চাহ বাগিচাৰ পৰিচালক সকলক কাৰ্যালয়ত প্ৰৱেশত বাধা দি প্ৰতিবাদ সাব্যস্ত কৰে (Modarkhat Tea Garden) । প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়া মতে, প্ৰাপ্য মজুৰিৰ সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষৰ লগত বহু আলোচনা হোৱাৰ পাছতো বাগিচা কৰ্তৃপক্ষই কৰ্মচাৰী সকলক প্ৰবঞ্চনা কৰি আছে বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ।
যেতিয়ালৈকে মদাৰখাট চাহ বাগিচাৰ কৰ্মচাৰী সকলে প্ৰাপ্য নাপায়, তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।
আনহাতে মঙলবাৰৰ দিনটোতো বাগিচাখনত একাংশ শ্ৰমিকে প্ৰতিবাদেৰে উত্তাল কৰি তুলিছিল পৰিচালকৰ কাৰ্যালয় চৌহদ । ইফালে চৰকাৰে 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা শ্ৰমিক সকলৰ মজুৰি 205 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পূৰ্বৰ 170 টকা মজুৰিকে বৰ্তমানো শ্ৰমিক সকলক দি থকাক লৈ ক্ষুব্ধ হৈ পৰে শ্ৰমিক সকল ৷ অৱশ্যে প্ৰতিবাদস্থলীত টেঙাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
মুঠৰ ওপৰত মদাৰখাট চাহ বাগিচাৰ কৰ্তৃপক্ষই চৰকাৰী নীতি নিয়মক গুৰুত্ব প্ৰদান নকৰি শ্ৰমিকৰ ওপৰত দীৰ্ঘ দিন ধৰি শোষণ চলোৱা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে । অতি শীঘ্ৰে উক্ত বিষয়টো চৰকাৰে তদন্ত কৰি উচিত বিচাৰ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-সংসদৰ কাষত শ্ল'গান দি আটক পাঁচ কৃষক