মৰাণ, 25 জুন: ৰাজ্যৰ উজনিৰ ভাগৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা দুষ্ট চক্ৰই চোৰাং ভাৱে কৰি আহিছে তেল চুৰি ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ পিছে অতি পৰিতাপৰ কথা যে, আজি পৰ্যন্ত এই দুষ্ট চক্ৰটোৱে আৰক্ষীৰ চকুত ধুলি দি গোপনে অব্যাহত ৰাখিছে তেল চুৰি কাৰ্য ৷ শেহতীয়াকৈ ডিব্ৰুগড়ত চলিছে চোৰাং তেল আৰু চৰকাৰী চাউলৰ ক'লা বেপাৰ ৷
মাত্ৰ কিছুদিন পূৰ্বে দুলীয়াজানত বহু কুইন্টল চৰকাৰী চাউল চোৰাংকৈ অৰুণাচলৈ সৰবৰাহ কৰাৰ সময়তে গাড়ীৰ সৈতে জব্দ কৰিছিল আৰক্ষীয়ে (Rice illegally smuggled at Duliajan) ৷ তাৰ পিছতে শনিবাৰে দুলীয়াজানৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Smuggled condensate oil seized) ৷ এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে দুলীয়াজান আৰক্ষীয়ে এখন বিলাসী বাহনত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেলখিনি (condensate oil seized by Duliajan police) ৷
অৱশ্যে আৰক্ষীয়ে জনোৱা অনুসৰি, দুলীয়াজানৰ বকুলনীত দুলীয়াজান আৰক্ষী অহাৰ উমান পাই চোৰাং কনডেন্স তেল ভৰ্তি বিলাসী বাহনখনে পলায়ন কৰিবলৈ চেষ্টা চলাওতে এখন বাইকত গৈ খুন্দা মাৰে (Road acciden at Duliajan) ৷ ফলত বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয় (One people injured in Road accident) ৷ আহত লোকজনক প্ৰাথমিক চিকিৎসাৰ বাবে দুলীয়াজানৰ অইল চিকিৎসালয়লৈ লৈ যোৱা হয় ।
ইফালে, দুৰ্ঘটনা সংঘটিত কৰি চোৰাং কনডেন্স তেল ভৰ্তি বিলাসী বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এই চক্ৰটো যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক: Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ