ETV Bharat / city

ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী

author img

By

Published : Mar 25, 2021, 7:34 AM IST

ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজকুমাৰ নীলনেত্ৰ নেওঁগৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ ৰেলীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ড0 ৰমন সিঙক তীব্ৰ সমালোচনা কৰে বাঘেলে ৷

ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী
ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী

ডিব্ৰুগড়, 25 মাৰ্চ : নিৰ্বাচনলৈ মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে বুধবাৰৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ, বিজেপি, এ জে পি আৰু অসম জাতীয় পৰিষদে ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ চলাই ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰে ৷ ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজকুমাৰ নীলনেত্ৰ নেওঁগৰ হৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নেতৃত্বত বৃহৎ পদযাত্ৰা উলিওৱা হয় ৷ ৰেলীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ড0 ৰমন সিঙক তীব্ৰ সমালোচনা কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনেও সমষ্টিটো চতুৰ্থ বাৰৰ বাবে দখল কৰাৰ চেষ্টা কৰি বিগত দিন কেইটাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীয়ো ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিছে ৰেলী ৷

আনহাতে, কংগ্ৰেছৰ হৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিগত দিনকেইটাত প্ৰচাৰ চলোৱাৰ লগতে বুধবাৰে বাহিৰ কৰে বৃহৎ ৰেলী ৷ অৱশ্যে কংগ্ৰেছে হেৰুৱা আসন পুনৰ উদ্ধাৰ কৰিব পাৰিবনে নাই সেয়া কিছুদিনৰ পাচতহে চূড়ান্ত হ'ব ৷

লগতে পঢ়ক :অখিল গগৈৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.