নাহৰকটীয়া, 24 আগষ্ট : নাহৰকটীয়া সমষ্টিৰ বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ অন্তৰ্গত অঞ্চলসমূহত ঘৰুৱা আৰু বাণিজ্যিক গেছপাইপ সংযুক্তকৰণৰ উদ্দেশ্যে খাটোৱা গাঁৱৰ নামঘৰ প্ৰাঙ্গনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ।

মৃদুল স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম গেছ কোম্পানী লিমিটেডৰ দুগৰাকী বিষয়াসহ অঞ্চলৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে বিভাগীয় এক চাৰ্ভেৰ পিছতেই পৰ্যায়ক্ৰমে কামসমূহ শীঘ্ৰেই আগবঢ়াই লৈ যোৱা হ'ব বুলিও জানিবলৈ দিয়ে ৷

উল্লেখ্য যে,85 খন ৰাজহ গাঁৱেৰে গঠিত বৃহৎ মৌজাটোত পাইপ লাইনযুক্ত গেছ হ'লে ছিলিণ্ডাৰৰ বাবে দীঘলীয়া লাইন পাতিবলৈ পুৱাতে চহৰমুখী হ'বলগীয়া হোৱা গঞা ৰাইজে যথেষ্ট সকাহ লাভ কৰিব ৷

অৱশ্যে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এনে কুচ-কাৱাজ দেখি একাংশই ৰাজনৈতিক টোপ হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ দিল্লীৰ পৰা লণ্ডনলৈ বাছযাত্ৰা