মৰাণ, 4 এপ্ৰিল : সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত ২৩ আৰু ২৪ এপ্ৰিলত দুদিনীয়াকৈ দশম বাৰ্ষিক কেন্দ্ৰীয় ব’হাগী সন্মিলনৰ উদযাপনৰ প্ৰস্তুতি চলিছে । মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰিবলৈ লোৱা এই ব’হাগী সন্মিলনৰ বাবে দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ।
আটাছুৰ বিষয়ববীয়াৰ লগতে মৰাণৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি উপস্থিত থকা এই লাইখুঁটা স্থাপন কাৰ্যসূচীত সন্মিলন খনি সুচাৰুৰূপে অনুষ্ঠিত হৈ যোৱাটো কামনা কৰিছে উদযাপন সমিতিয়ে । সন্মিলনৰ দুয়ো দিনৰ কাৰ্যসূচীত সম্পূৰ্ণ বিহুৰ পৰম্পৰা অক্ষুন্ন ৰাখি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : বাংলাদেশৰ বৃহৎ সামৰিক অনুশীলনত ভাৰতীয় সেনাৰ দল