গুৱাহাটী, 4 জুনঃ ভাৰতীয় জল পৰিবহণ সঞ্চালকালয়ে ফেৰী আৰু নাও যাত্ৰীৰ সুৰক্ষাৰ বাবে বাধ্যতামূলক কৰিছে লাইফ জেকেট পৰিধান ৷ বিগত সময়ত ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা হৈ বহু লোকৰ সলিল সমাধি হোৱা ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে হাতত লৈছে এই বিশেষ ব্যৱস্থা ৷ জল পৰিবহণ বিভাগৰ নিৰ্দেশ মতে যাত্ৰাৰ সময়ছোৱাত ফেৰী আৰু নাঁৱত যিমান সংখ্যক যাত্ৰী থাকে সকলো যাত্ৰীৰ লগতে কৰ্মচাৰী সকলেও লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক কৰিছে ৷ জল পৰিবহণ বিভাগৰ সঞ্চালকালয়ে বৰ্তমানলৈকে ৪৩৫০ টা লাইফ জেকেট আৰু ২১৭৫ টা আন জীৱন সুৰক্ষা সৰঞ্জাম অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা ক্ৰয় কৰিছে ।
তথাপিও জল পৰিবহণ বিভাগৰ হাতত পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট এতিয়াও নাই ৷ যদিও জল পৰিবহণ বিভাগে যাত্ৰীসকলৰ সুৰক্ষাৰ্থে লাইফ জেকেট পিন্ধাটো অনিবাৰ্য কৰিছে কিন্তু যাত্ৰীসকলে এই লাইফ জেকেট পিন্ধিবলৈ সংকোচ কৰে । যাৰ ফলত জল পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলে নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । এচাম লোকে জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনাক আদৰি লৈছে যদিও আন এচাম যাত্ৰীয়ে এতিয়াও লাইফ জেকেট অবিহনেই যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷
আৰু পঢ়কঃ মাজুলীত ফেৰীৰ পৰা লুইতত পৰিল শ্ৰমিকঃ এতিয়াও নাই সন্ধান