ETV Bharat / city

মৰাণত গাঞ্জাসহ এজন যুৱক আটক - one person arrest in moran

মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰাণৰ চৰকাৰী বাছ আস্থানৰ কাষত এখন গাড়ীৰ পৰা পৰা 1 কিল’গ্ৰামতকৈ অধিক ভাং জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক ৷

One person arrested with ganja at Moran
মৰাণত গাঞ্জাসহ এজন যুৱক আটক
author img

By

Published : Jun 23, 2021, 9:53 PM IST

মৰাণ, 23 জুন : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ অসম আৰক্ষীয়ে বিগত এমাহত ৰাজ্যৰ চুকে-কোণে অভিযান চলাই আটক কৰিছে 50 কোটি টকাৰো অধিক টকাৰ অবৈধ সামগ্ৰী ৷ আটক কৰা হৈছে এশতকৈ অধিক লোকক ৷

অসমত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলিৰ নেতৃত্বত আৰক্ষী দলে মৰাণ চৰকাৰী বাছ আস্থানৰ কাষত এখন গাড়ীৰ পৰা পৰা 1 কিল’গ্ৰামতকৈ অধিক ভাং জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অইলৰ যতীন চেতিয়া নামৰ যুৱকজনৰ পৰা জব্দ কৰে ১.৬৫ কিল’গ্ৰাম গাঞ্জা ৷ AS-06-V- 8967 নম্বৰৰ KWID গাড়ীত গাঞ্জাখিনি আনি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ব কৰে মৰাণ আৰক্ষীয়ে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে ৷ বুধবাৰে ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলী আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ ৰাজা আলীক গ্ৰেপ্তাৰ কৰে ।

কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ চহৰৰ কালিবাৰীৰ গৃহৰ সমীপত চলোৱা অভিযানত প্ৰায় 51 গ্ৰাম ব্ৰাউন চুগাৰ আৰু 15 গ্ৰাম হেৰ'ইনসহ গ্ৰেপ্তাৰ হয় ৰাজা । ৰাজাৰ বিৰুদ্ধে চলোৱা অভিযানত নেতৃত্ব লৈছিল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিংসহ সদৰ থানাৰ এটা দলে ৷ অভিযানত সহযোগ কৰিছিল চিআৰপিএফৰ 171 বেটালিয়ানৰ এটা বৃহৎ দলে ।

লগতে পঢ়ক : খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা‌ সমষ্টিত, কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.