জোনাই, ১৫ অক্টোবৰ : মঙলবাৰে শুভাৰম্ভ কৰা হয় ডিব্ৰুগড়-মুর্কংচেলেকৰ মাজত ৰে’ল সেৱা ৷ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মুৰ্কংচেলেকৰ মাজত কাৰ্যকৰী হয় নিয়মীয়াকৈ ৰে’ল চলাচল ৷ মঙলবাৰে বিয়লি 2 বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সেৱা চাৰ্ভিছ 55606/55605 শীৰ্ষক মুৰ্কংচেলেক-ডিব্ৰুগড় যাত্ৰীবাহী ৰে’লখন ৰিম'ট টিপি শুভ উদ্বোধন কৰে ।
ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত নিৰ্মাণ কৰা কাৰেং বগীবিল দলঙৰ ওপৰেদি চলাচল কৰা এই নতুন ৰে’ল গাড়ীখনৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে জোনাই মহকুমাৰ লগতে অৰুণাচলৰ পূব চিয়াং,আপাৰ চিয়াং জিলাৰ ৰাইজে ডিব্ৰুগড় চহৰত চিকিৎসা,ব্যৱসায়,উচ্চ শিক্ষা আদি বিভিন্ন কামৰ বাবে যাতায়তৰ ক্ষেত্ৰত সুচল হ’ব । 16 অক্টোবৰ পুৱা 8.45 বজাত মুৰ্কংচেলেকৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগা যাত্ৰীবাহী ৰে’লখন দুপৰীয়া 12.15 বজাত ডিব্ৰুগড় ৰে’ল আস্থানত অৱস্থান গ্ৰহণ কৰিব আৰু দুপৰীয়া 1.15 বজাত ডিব্ৰুগড় আস্থানৰ পৰা উভটনি যাত্ৰা আৰম্ভ কৰি বিয়লি 4.45 বজাত মুৰ্কংচেলেক ষ্টেচনত উপস্থিত হ'ব ।
ডিব্ৰুগড় আৰু মুর্কংচেলেকৰ মাজত নতুনকৈ চলাচল কৰিবলগীয়া এই ৰে’ল সেৱা উদ্বোধন অনুষ্ঠানত ৰে’ল বিভাগৰ ৰঙিয়া সংমণ্ডলৰ প্ৰৱন্ধক ভি এ মালেগাৱাকাৰ,বিজেপিৰ নেতা আদিত্য বৰুৱা,প্ৰণৱ টানে,যুৱতী দলে,পার্থ ছেত্ৰী,জেষ্ঠ নাগৰিক ৰাসেশ্বৰ পালেং উপস্থিত থাকে।
এই মুৰ্কংচেলেক-ডিব্ৰুগড় যাত্ৰীবাহী ৰে’লখনে যাত্ৰাপথত ডিব্ৰুগড়,ধমলগাঁও,টঙানি,নিউ চিচিবৰগাঁও,শ্ৰীপাণি,চিচিবৰগাঁও,চিলাপথাৰ, আৰ্চিপথাৰ,দিপা,চিমেন চাপৰি,তেলাম,লাইমেকুৰী,জোনকাৰেং আৰু মুৰ্কংচেলেক ৰে’ল আস্থানক সামৰি ল'ব ৷