মৰাণ, 18 অক্টোবৰ : চৰাইদেউ জিলাৰ সোণাৰিত দেওবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । মাত্ৰ ১০ টকাৰ বাবেই বিজয় নায়ক নামৰ এজন যুৱকে এডাল বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰে এগৰাকী ৬০ বছৰীয়া বৃদ্ধাক ৷ মৃত বৃদ্ধাগৰাকী অনিতা কোঁৱৰ বুলি জানিব পৰা হৈছে ৷
চৰাইদেউ সোণাৰিৰ চফ্ৰাই হাতীপুটা গাঁৱত সংঘটিত হয় এই ঘটনা । বিজয় নায়কে দহ টকাৰ বাবে তৰ্কাতৰ্কিত লিপ্ত হৈ অৱশেষত মৰিয়াই মৰিয়াই হত্যা কৰে বৃদ্ধা মহিলাগৰাকীক । ইয়াৰ পাছতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰে বিজয় নায়কক ।
এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত সুৰামত্ত অৱস্থাত আছিল বিজয় নায়ক । মহিলাগৰাকীয়ে 10 টকাৰ সুৰা নিদিয়াৰ বাবেই বিজয়ে হত্যা কৰে মহিলাগৰাকীক ৷ আৰক্ষীয়ে আটক কৰা বিজয় নায়কে নিজেই স্বীকাৰ কৰে এই কথা । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চেপা উত্তেজনাৰ ।
লগতে পঢ়ক : নলবাৰীত যুৱতীৰ ৰহস্যজনক আত্মহত্যা