ETV Bharat / city

মৰাণত আছুৰ ব'হাগী মহোৎসৱৰ লাইখুঁটা স্থাপন

author img

By

Published : Apr 18, 2021, 5:29 PM IST

মৰাণত আছুৰ ব’হাগী মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হ’ব এই বহাগী মহোৎসৱ ৷

মৰাণত উদযাপন হ’ব বহাগী মহোৎসৱ
মৰাণত উদযাপন হ’ব বহাগী মহোৎসৱ

মৰাণ,18 এপ্ৰিল: দেশজুৰি কৰ'ণাৰ আতংকৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু । স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়মৰ মাজেৰে ঠায়ে ঠায়ে মঞ্চ বিহু অনুষ্ঠিত হৈছে । প্ৰতি বৰ্ষৰ দৰে এইবছৰো মৰাণৰ আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিব ব’হাগী মহোৎসৱ ।

ৰূপালী জয়ন্তী বৰ্ষ ব'হাগী মহোৎসৱৰ দেওবাৰে লাইখুঁটা স্থাপন
আছুৰ ব’হাগী মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন

মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১৩-১৪ ব’হাগত ব'হাগী মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা হ’ব ৷ সেই উদ্দেশ্যে দেওবাৰে অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা ব'হাগী মহোৎসৱ সম্পূৰ্ণ ক'ভিড নীতি-নিয়ম মানি অনুষ্ঠিত কৰা হ'ব বুলি আছুৰ নেতৃত্বই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : দিল্লীত একেদিনাই ২৪ হাজাৰ আক্ৰান্ত কৰ'ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.