ETV Bharat / city

সান্ধ্য আইনৰ বাবে মৰাণত কটকটীয়া নিৰাপত্তা বেষ্টনী - কৰ’ণা সংক্ৰমণ

8 বজাৰ লগে লগেই মৰাণৰ ৰাজপথত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ মৰাণ আৰু মৰাণহাটৰ দুয়োখন আৰক্ষী থানাৰ বিষয়াই আৰক্ষীৰ বৃহৎ দল লৈ মৰাণ চহৰত 8 বজাৰ লগে লগেই গঢ়ি তোলে নিৰাপত্তা বেষ্টনী ৷

সান্ধ্য আইনৰ বাবে মৰাণত কটকটীয়া নিৰাপত্তা বেষ্টনী

author img

By

Published : Apr 27, 2021, 10:52 PM IST

মৰাণ, 27 এপ্ৰিল : ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰৰ নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হোৱাকৈ সান্ধ্য আইনৰ নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰাণতো 8 বজাৰ লগে লগেই আৰক্ষীয়ে মৰাণ চহৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷

সান্ধ্য আইনৰ বাবে মৰাণত কটকটীয়া নিৰাপত্তা বেষ্টনী
সান্ধ্য আইনৰ বাবে মৰাণত কটকটীয়া নিৰাপত্তা বেষ্টনী

ক'ভিড-19 ৰ ভয়াৱহতাৰ বাবে সন্ধিয়া ৬ বজাৰ লগে লগেই সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হোৱাৰ পাছতে মঙলবাৰে 8 বজাৰ লগে লগেই কোনো লোক ৰাজপথলৈ ওলাব নোৱাৰিব বুলি মৰাণ আৰক্ষীয়ে ঘোষণা কৰে ।

মৰাণ আৰু মৰাণহাটৰ দুয়োখন আৰক্ষী থানাৰ বিষয়াই আৰক্ষীৰ বৃহৎ দল লৈ মৰাণ চহৰত 8 বজাৰ লগে লগেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলি ৰাইজক ঘৰৰ পৰা নোলাবলৈ নিৰ্দেশ দিয়ে । প্ৰথম দিনটোত কোনো ধৰণৰ জৰিমনা লোৱা নাই যদিও কাইলৈ পৰা আইন ভংগকাৰীৰ বিৰুদ্ধে মৰাণ প্ৰশাসন কঠোৰ হ'ব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যত বলৱৎ হ'ব সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.