ETV Bharat / city

কঠিয়া সিঁচাত ব্যস্ত মন্ত্ৰী যোগেন মহন - ক’ভিড মহামাৰী

ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়া সিঁচাত ব্যস্ত ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন ৷ ক্ষতিগ্ৰস্ত কৃষক ৰাইজক সহায় কৰাৰ উদ্দেশ্যে জিলা কৃষি বিভাগৰ সহযোগত মন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে সমূহীয়া কঠিয়া সিঁচাৰ বিশেষ কাৰ্যসূচী ৷

Minister Jogen Mohan busy in paddy field At Dibrugarh District
আগতে পাইছিল 10 মোন এতিয়া পাব 30 মোন:মন্ত্ৰী যোগেন মহন
author img

By

Published : Jun 28, 2021, 9:30 AM IST

মৰাণ, 28 জুন : বাৰিষা অহাৰ লগে লগে এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষক সকল ৷ জেঠ মাহত শালি ধানৰ কঠিয়া পাৰে কৃষক ৰাইজে ৷ কিন্তু ইয়াৰ বিপৰীতে কোনো কোনো জিলাত এতিয়াও সিঁচিব পৰা নাই ধানৰ বীজ ৷ কাৰণ বৰষুণৰ অভাৱ লগতে নাই উপযুক্ত পানী যোগান ব্যৱস্থা ৷

অকল সেয়াই নহয় কঠিয়া পৰাতো দূৰৈৰে কথা আগন্তুক বানৰ প্ৰতিও এতিয়া শংকিত হৈছে কষক সকল ৷ তেনে সময়তে বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে গ্ৰহণ কৰিছে এটা বিশেষ ব্যৱস্থা । ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্থ কৃষক সকলক সহায় কৰিবৰ বাবে কঠিয়া যোগান ধৰা ব্যৱস্থা কৰিছে ৷

আগতে পাইছিল 10 মোন এতিয়া পাব 30 মোন:মন্ত্ৰী যোগেন মহন

সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী যোগেন মহনে ৷

দেওবাৰে আৰম্ভ কৰা কঠিয়া সিঁচা কাৰ্যসূচীতে মন্ত্ৰী গৰাকীয়ে নিজে উপস্থিত হৈ কৃষক ৰাইজৰ সৈতে বীজ সিঁচে। মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনে শুভাৰম্ভ কৰা এই বীজ সিঁচা কাৰ্যসূচীত চৰাইদেউ জিলা কৃষি বিষয়া অৰুণ চাংকাকতিৰ লগতে বহু কেইজন দলীয় কৰ্মী উপস্থিত থাকে ।

আনহাতে, ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিত ব্য়াপক প্ৰভাৱ পৰিছে ৷ মহামাৰীৰ বাবে বহু লোকে কৰ্মস্থাপন হেৰুৱাবলগীয়া হৈছে যদিও হতাশ নহ’বলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে ৷ এই ভয়াৱহ পৰিস্থিতিত এনেয়ে ঘৰত বহি নাথাকি কৃষি কৰ্মলৈ আগুৱাই আহিবৰ বাবে যুৱক-যুৱতী সকলক আহ্বান জনাই মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক-চাহ বাগিচালৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক: মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.