ETV Bharat / city

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তৎপৰ মন্ত্ৰী বিমল বৰা - VC of minister Bimal Bora with DCs

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তৎপৰ হৈছে উদ্যোগ মন্ত্ৰী বিমল বৰা (Minister Bimal Bora initiative for small tea growers) । ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰাই ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে আলোচনাত বহিল উদ্যোগ মন্ত্ৰী (Bimal Bora meeting with DCs)।

Bimal Bora
Bimal Bora
author img

By

Published : Aug 31, 2022, 8:04 PM IST

মৰাণ, ৩১ আগষ্ট : ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে (role of small tea growers in Assam) । কিন্তু কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে লোকচানৰ সন্মুখীন হৈ আহিছে । ইয়াৰ মূল কাৰণ হ'ল আজি পৰ্যন্ত ৰাজ্য চৰকাৰে ৰাজ্যত কেঁচা চাহপাতৰ এটা সঠিক মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই (problems of small tea growers) ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তৎপৰ মন্ত্ৰী বিমল বৰা

প্ৰতিখন চৰকাৰক কেঁচা চাহপাতৰ এটা মূল্য নিৰ্ধাৰণ কৰি দিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলে দাবী জনাই আহিছিল যদিও পূৰ্বৰ কোনো এখন চৰকাৰে এই কথাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাছিল (small tea growers demanded for MSP) । ফলত চাহ কোম্পানীসমূহৰ শোষণৰ বলি হ'বলগা হৈছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল । কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধান কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে বৰ্তমানৰ ৰাজ্য চৰকাৰ ।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে এইবাৰ আগবাঢ়ি আহিছে উদ্যোগ মন্ত্ৰী বিমল বৰা (Minister Bimal Bora initiative for small tea growers) । আজি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্তসকলৰ সৈতে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাতৰ সমৰ্থন মুল্য নিৰ্ধাৰণৰ বাবে ভিডিঅ' কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই (VC of minister Bimal Bora with DCs) ।

উক্ত সভাতে মন্ত্ৰীগৰাকীয়ে প্ৰতি মাহৰ প্ৰথম সপ্তাহত ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, কেঁচা চাহপাত ক্ৰয় কৰা ফেক্টৰীৰ প্ৰতিনিধি তথা টী ব'ৰ্ডৰ প্ৰতিনিধি তথা সংশ্লিষ্ট পক্ষৰ উপস্থিতিত জিলা উপায়ুক্তৰ অধ্যক্ষতাত নিয়মীয়াকৈ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে, যাতে চাহ কোম্পানীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহ ক্ৰয় কৰোঁতে মূল্য প্ৰদানত বেমেজালি সৃষ্ট কৰিব নোৱাৰে ।

উক্ত সভাত মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু , ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে (Bimal Bora meeting at Dibrugarh DC office) ।

লগতে পঢ়ক :আব্দুল খালেকে জিন্নাৰ সপোন পূৰণৰ চেষ্টা চলাইছে: বিজেপি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.