ETV Bharat / city

কাম চৰাইয়ে শোভাবৰ্ধন কৰিলে গেলা-দিচাং কদমনি বিল

author img

By

Published : Dec 30, 2019, 2:10 PM IST

Updated : Dec 30, 2019, 2:34 PM IST

কাম চৰাইৰ উপস্থিতিয়ে মনোমোহা কৰিলে টিংখাঙৰ গেলা-দিচাং কদমনি বিল ৷ বিলখনত মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষী কূলৰ নৃত্য-ভংগীমাই সকলোকে আকৰ্ষণ কৰিছে ৷

গেলা-দিচাং কদমনি বিলত কাম চৰাই
পৰিভ্ৰমী চৰাইৰ ভিৰ

টিংখাং, 30 ডিচেম্বৰ : ক্ৰমাৎ বিলুপ্তিৰ পথত থকা কাম চৰাইয়ে শোভাবৰ্ধন কৰিছে টিংখাঙৰ গেলা-দিচাং কদমনি বিল ৷ কাম চৰাইৰ বাবে বিখ্যাত বিলখনত শীতকাল আহিলেই শৰালি হাঁহ, দেও হাঁহ, বগলী আদি ভিন্ন পক্ষীয়ে ভিৰ কৰেহি । মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষীকূলৰ নৃত্য-ভংগীমাই সকলোকে আকৰ্ষণ কৰে ৷

গেলা-দিচাং কদমনি বিলত কাম চৰাই

বহুদিনৰে পৰা স্থায়ী বসতিস্থলত পৰিণত টিংখাঙৰ গেলা-দিচাং কদমনি বিললৈ অহা পৰিভ্ৰমী পক্ষীসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে স্থানীয় লোকসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই বিলত কোনো লোকে চৰাই নিধন কৰিলে ৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ৷ চাওক আমাৰ এক প্ৰতিবেদন...

আৰু পঢ়ক : গ্ৰেটাৰ নয়দাত ঘন কুঁৱলীয়ে প্ৰাণ ল'লে 6 জনৰ

Intro:মনোমোহা কামচৰাইৰ স্থায়ী বসতীস্থলত পৰিনত টিংখাঙৰ গেলা-দিচাং কদমনি বিল ।চৰাই নিধন কৰিলে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা

Body:টিংখাং - শীতকাল আহিলেই নানা পৰিভ্ৰমী পক্ষীৰ কল- কাকলিৰে মুখৰিত হৈ পৰে বিলখন। নীলাৰঙী কাম চৰাইৰ স্থায়ী বসতিস্থলত পৰিণত হোৱা এইখন টিংখাঙৰ গেলা-দিচাং কদমনি বিল। কাম চৰাইৰ বাবে বিখ্যাত বিলখনত শীতকাল আহিলেই খেয়ালী হাঁহ , দেও হাঁহ , বগলী আদি ভিন্ন পক্ষীয়ে ভিৰ কৰেহি। কাম- চৰাইৰ মনোমোহা লয়লাস প্ৰত্যক্ষ কৰিবলৈ কদমনি বিললৈ দূৰ-দূৰনিৰ পৰা আহে বহু প্ৰকৃতিপ্ৰেমী। মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষী কূলৰ নৃত্য-ভংগীমাই আকৰ্ষণ কৰে সকলোকে।

Byte - (1)- স্থানীয় বাসিন্দা।

Conclusion:আনহাতে গেলা-দিচাংবাসী ৰাইজে দেখুৱাই আহিছে বিৰল প্ৰকৃতি প্ৰেমৰ নিদৰ্ষণ। বিলখনত আশ্ৰয় গ্ৰহণ কৰা পক্ষীকুলক ৰক্ষণা-বেক্ষণ দিবলৈ স্থানীয় লোকসকলে গঢ়ি তুলিছে পক্ষী সুৰক্ষা সমিতি , প্ৰস্তুত কৰিছে এখন কটকটীয়া আইন। আইন অনুসৰি কেনো লোকে এটা চৰাই নিধন কৰিলে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা। কদমনি বিলক এখন সুন্দৰ পক্ষী উদ্যান হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আছে ১০০ শতাংশই সম্ভাৱনা। বিলখনৰ পৰিকল্পিত ৰূপত সজাই-পৰাই পক্ষী উদ্যান হিচাপে গঢ় দিবলৈ পৰিবৰ্তনকামী চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।

টিংখাঙৰ পৰা দীপক গগৈ
Last Updated : Dec 30, 2019, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.