ETV Bharat / city

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ - চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ডিব্ৰুগড়ত অগ্নিকাণ্ড

পৰৱৰ্তী সময়ত চিলিণ্ডাৰটোৰ বিস্ফোৰণ ঘটাত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে । অগ্নিকাণ্ডত হেমচন্দ্ৰ হাজৰিকা,কল্যাণ দাস আৰু সুৰেন বৰুৱা নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত নিঃশেষ হয় । এখন বাইকসহ অন্যান্য সা-সম্পত্তিও জুইত জাহ যায় ।

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড
ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Aug 17, 2020, 3:38 PM IST

ডিব্ৰুগড়, 17 আগষ্ট : ডিব্ৰুগড় চহৰৰ মোহনাঘাটত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড । বিধ্বংসী অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তিনিটাকৈ বাসগৃহ । এটা চিলিণ্ডাৰৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে ।

পৰৱৰ্তী সময়ত চিলিণ্ডাৰটোৰ বিস্ফোৰণ ঘটাত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে । অগ্নিকাণ্ডত হেমচন্দ্ৰ হাজৰিকা,কল্যাণ দাস আৰু সুৰেন বৰুৱা নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত নিঃশেষ হয় । এখন বাইকসহ অন্যান্য সা-সম্পত্তিও জুইত জাহ যায় ।

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ

ডিব্ৰুগড়ৰ মোহনাঘাটৰ বকল গাঁৱত সংঘটিত হোৱা এই ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই ৷ ডিব্ৰুগড়ৰ কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰথমে ঘটনাস্থলীত উপস্থিত হৈছিল যদিও অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইলৈ প্ৰৱেশৰ পথ ঠেক হোৱা বাবে সমস্যাত পৰে । ৰাইজ আৰু নিৰ্বাপক বাহিনীৰ দীৰ্ঘসময়ৰ প্ৰচেষ্টাত জুই প্ৰশমন কৰিবলৈ সক্ষম হয় যদিও বাসগৃহ তিনিটা সহ সকলো সা-সম্পত্তি জুইত জাহ যায় । ইয়াৰে এটা বাসগৃহ কনন্টেইনমেণ্ট জ'ন আছিল ।কৰ'ণা আতংকৰ মাজতে সংঘটিত এই ঘটনাই ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড

লগতে পঢ়কঃ বাঘজানত স্থাপিত হ'ল বিশেষ অগ্নি নিৰ্বাপক যন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.