মৰাণ, 12 ডিচেম্বৰ: উদুলি-মুদুলি নাহৰৰ দেশৰ বাকৰি ৷ বক্সিং লিজেণ্ড এম চি মেৰী কম আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ৷ দেশৰ গৌৰৱ গৰাকীয়ে অধিক প্ৰাণৱন্ত কৰিব বিশ্ববিদ্যালয়খনৰ ক্ৰীড়া সপ্তাহ ৷
দেওবাৰৰ পৰা আৰম্ভ হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক ক্ৰীড়া সপ্তাহ ৷ ক্ৰীড়া সপ্তাহৰ আৰম্ভণিৰ দিনটোতেই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব(Mary Kom to attend in varsity week Of Dibrugarh University) পদ্মবিভূষণ, বক্সাৰ এম চি মেৰী কম । বিশ্ববিদ্যালয়ৰ ৫২ তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভৰাম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ বক্তব্য ৰাখিব মেৰী কমে । ইতিমধ্যে মেৰী কমক অভিবাদন জনাবলৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷
উল্লেখ্য যে, ৬ বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকম আছিল বক্সিঙত অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ (The first Indian woman boxer to win an Olympic medal)। দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ মেৰী কমৰ আগমণক লৈ স্বাভাৱিকতেই উচাহৰ ধল বৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ।
বক্সিং লিজেণ্ডগৰাকীক আদৰণি জনোৱাৰ বাবে উৎসাহেৰে ৰৈ আছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাসহ সমূহ ছাত্ৰ-ছাত্ৰী ।
লগতে পঢ়ক: National Shooting Championship: ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সফলতা