ETV Bharat / city

ডিব্ৰুগড়ৰ লেজাইত সান্ধ্য আইন জাৰি

ডিব্ৰুগড়ৰ লেজাইত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ৷ ইতিমধ্যে প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

lathi charged by police in Dibrugarh lejai Moran
ডিব্ৰুগড়ৰ লেজাইত সান্ধ্য আইন জাৰি কিয়?
author img

By

Published : Jun 21, 2020, 8:06 PM IST

ডিব্ৰুগড়, 21জুনঃ ডিব্ৰুগড়ৰ লেজাইৰ চেঁচা নদীৰ বুকুৰ পৰা উদ্ধাৰ হয় সৌৰভ দাস নামৰ যুৱক জনৰ মৃতদেহ ৷ প্ৰেমৰ পৰিণতিত যুৱকজনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ ৷ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ অঞ্চলটোত সেনা বাহিনী মোতায়েন কৰিছে প্ৰশাসনে ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেজাইত প্ৰেমিকাৰ ঘৰলৈ ফুৰিবলৈ যোৱা অৱস্থাত শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস নামৰ যুৱকজন ৷ পৰিয়াল আৰু স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰৰ বাবে বৰবৰুৱা আৰক্ষীক অৱগত কৰিছিল ৷ ইফালে যুৱকজনৰ পৰিয়াল আৰু স্থানীয় ৰাইজে প্ৰেমিকাৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ ইফালে ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পূৱাৰ পৰাই লেজাইত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ 24 ঘন্টাত যুৱকজনক উদ্ধাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক ৷ আনহাতে আজি যুৱকজনৰ মৃতদেহ চেঁচা নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পৰিস্থিতি আৰু জটিল হৈ পৰাত লেজাইত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হোৱাৰ লগতে সেনা বাহিনী মোতায়েন কৰিব লগা হয় ৷ ইতিমধ্যে প্ৰেমিকাৰ পৰিয়ালৰ চাৰিজন লোকক আটকো কৰিছে আৰক্ষীয়ে ৷

ডিব্ৰুগড়ৰ লেজাইত সান্ধ্য আইন জাৰি কিয়?

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক ঘেৰাও কৰি অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক ফাঁচিৰ দিয়াৰ দাবী কৰে ৰাইজে ৷ এই উত্তপ্ত পৰিস্থিতিৰ সময়তে কোনো ব্যক্তিয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিওৱাত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ সৈতে হোৱা হতাহতিত মহিলাকে ধৰি কেইজনো লোক আঘাতপ্ৰাপ্ত হৈছে । ইতিমধ্যে যুৱকজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক- বাক্সাত সন্ধানহীন ৰমেন কাকতি নামৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.