ETV Bharat / city

মৰাণত 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান মন্ত্ৰী যোগেন মহনৰ - Minister Jogen Mohan at Charaideo

চৰাইদেউ জিলাৰ মৰাণৰ দিৰৈ দেওঘৰীয়া গাঁৱৰ 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ(Land patta distribute at Charaideo) ৷ 'মিছন বসুন্ধৰা'ৰ জৰিয়তে 8 লাখ আবেদনকাৰীৰ ভিতৰত 6.50 লাখ আবেদনকাৰীৰ সমস্যা সমাধান কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী যোগেন মহনে ৷

Land patta distribute by Minister Jogen Mohan at Charaideo
মৰাণত 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Apr 4, 2022, 10:20 AM IST

মৰাণ, 4 এপ্ৰিল : ৰাইজৰ ভূমি সংক্ৰান্তীয় সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা 'মিছন বসুন্ধৰা' সফল ৰূপায়ণৰ বাবে তৎপৰ হৈছে ৰাজহ মন্ত্ৰী যোগেন মহন (Mission Bashundhara by Assam Government)। মন্ত্ৰীগৰাকীয়ে শনিবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাহমৰা ৰাজহচক্ৰৰ সহযোগত নতুনকৈ ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত হোৱা দিৰৈ দেওঘৰীয়া গাঁৱত ৮০০ বিঘা ভূমি সামৰি থকা 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে(Land patta distribute by Minister Jogen Mohan) ৷

চৰাইদেউ জিলা উপায়ুক্তৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত ভূমিপট্টা প্ৰদান কৰি মন্ত্ৰীজনে পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, মাহমৰা ৰাজহ চক্ৰই ৰাজ্যৰ ভিতৰতে প্ৰথমতে ভূমি সংক্ৰান্তীয় কাম শেষ কৰিবলৈ সক্ষম হয় ৷ মন্ত্ৰীগৰাকীয়ে মাহমৰাৰ চক্ৰ বিষয়াক এই ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জনায় ৷

মৰাণত 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান মন্ত্ৰী যোগেন মহনৰ

উল্লেখ্য যে, ভূমি সংক্ৰান্তীয় সমস্যা নিস্পত্তিৰ বাবে চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা ৷ এই মিছন বসুন্ধৰাৰ জড়িয়তে ৯ টা মূল বিষয় সমাধান কৰা হ’ব ।

সেইকেইটা হ'ল, ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল / স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন, আৱন্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ । 2021 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা ৩০ নবেম্বৰলৈ এই বসুন্ধৰা পৰ্টেলৰ জড়িয়তে ৰাইজে আবেদন কৰে । এই সকলো আবেদন নিস্পত্তি কৰা হ’ব ১০ মে'ত ।

লগতে পঢ়ক : ভূমি পট্টা প্ৰদানৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.