ETV Bharat / city

সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ চাবুৱাত দল সংগঠনৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ মুখত ক'লা কাপোৰ পৰিধান কৰি চাবুৱাত সাংবাদিক আৰু বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে ৷ অতিশীঘ্ৰে উক্ত ঘটনাত জড়িত লোকক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

Journalist and More organizations protest Against Police at Chabua
সাংবাদিকক দু-ব্যৱহাৰ কৰাক লৈ চাবুৱাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Jul 19, 2021, 8:06 AM IST

মৰাণ, 19 জুলাই : চাবুৱাত সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ সংবাদকৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ । ডিব্ৰুগড়ৰ চাবুৱাৰ এটা ব্যক্তিগত চেটেলাইত চেনেলৰ সাংবাদিক এজনক শনিবাৰে নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ( Assam Medical College Hospital) খাকী পোছাকধাৰী ব্যক্তিয়ে দুৰ্ৱ্যৱহাৰ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সাংবাদিক গৰাকীৰ নাম হৈছে কল্পজ্যোতি দাস । উক্ত ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে গৰজি উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সংবাদকৰ্মী তথা দল-সংগঠন ।

ইয়াৰ সমান্তৰালকৈ সাংবাদিকজনক দুৰ্ৱ্যৱহাৰ কৰা ঘটনাক লৈ দেওবাৰে চাবুৱাতো মুখত ক'লা কাপোৰ পৰিধান কৰি চাবুৱা প্ৰেছ ক্লাৱ, প্ৰেছ গীল্ড ,মটক স্বায়ত্ব শাসিত পৰিষদ ,ছাত্ৰ সন্থাকে (AASU) ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে অসম চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদী সংগঠন সমূহে । উল্লেখ্যে যে, বিগত কেইবাদিনৰ পৰাই সাংবাদিক গৰাকীৰ মাতৃ অসুস্থ হৈ আছে ৷ মাতৃগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি অসুস্থ মাতৃৰ বাবে খাদ্য আনিবলৈ বাহিৰলৈ গৈছিল সাংবাদিক গৰাকী ৷

সাংবাদিকক দু-ব্যৱহাৰ কৰাক লৈ চাবুৱাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

গৈ থকা অৱস্থাতে সাংবাদিকগৰাকীক ডিব্ৰুগড় আৰক্ষীয়ে অশ্লীলভাৱে গালি-গালাজ পাৰাই নহয়, শাৰীৰিকভাৱে অপদস্থ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰবাৰী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক কল্পজ্যোতি দাসে ।

শীঘ্ৰেই যদি আৰক্ষীয়ে ঘটনা সন্দৰ্ভথ উচিত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himant Biswa Sarma)ৰ শাসন কালত এনে ঘটনাক চৈৰাচাৰীৰ শাসন চলোৱা বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰী সকলে ৷ তেখেতৰ শাসন কালতে সাধাৰাণ ৰাইজৰ নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷

অকল সেয়াই নহয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে যদিও এতিয়ালৈ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ ইতিমধ্যে কংগ্ৰেছ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ নিৰ্বাচনৰ সময়ত বিভিন্ন সভা সমিতিয়ে যিবোৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷ ৰাইজক ৰক্ষণাবেক্ষণ দিয়াত বিজেপি মিত্ৰজোঁট চৰকাৰ খন সম্পূৰ্ণ ব্যৰ্থ হৈছে কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-নগাঁৱত ৰ’লাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.