ETV Bharat / city

মৰাণ-খোৱাঙত পুনৰ বাঢ়িল ক'ভিড ৰোগীৰ সংখ্যা  - মৰাণ ক’ভিড

মৰাণ, খোৱাঙত পুনৰ বাঢ়িল ক'ভিড ৰোগীৰ সংখ্যা ৷ মৰাণত ক'ভিড (Covid 19)ত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি ৷

মৰাণ-খোৱাঙত পুনৰ বাঢ়িল ক'ভিড ৰোগীৰ সংখ্যা

author img

By

Published : Jun 2, 2021, 10:02 PM IST

মৰাণ, 2 জুন : ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙত ক'ভিড (Covid 19) পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিল যদিও বুধবাৰে পুনৰ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় । ইয়াৰ ওপৰিও বৰ্তমানেও মৰাণ খোৱাঙৰ বহুকেইখন গাঁও কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি ৰাখিছে স্বাস্থ্য বিভাগে ৷

ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্যকেন্দ্ৰত বুধবাৰৰ দিনটোতে ৫৬ জন লোকৰ দেহত ক'ভিড (Covid 19)ৰ উপস্থিতি পোৱা গৈছে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৫৩ জন, ২ জন নাহৰণি ব্লক আৰু ১জন চৰাইদেউ জিলাৰ নিৱাসী ।

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্যকেন্দ্ৰত বুধবাৰ পৰ্যন্ত মুঠ ২১৩১ গৰাকীলৈ ক’ভিড (Covid 19) ৰোগী বৃদ্ধি পায় । বৰ্তমানে ৫০৫ জন সক্ৰিয় ক’ভিড সংক্ৰমিত লোক হোম আইচ’লেশ্যনত আছে । উক্ত ক'ভিড (Covid 19) আক্ৰান্তসকলৰ ১৬ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী, জকাই ক’ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ লগতে ভামুন আৰু মৰাণ চাহ বাগিচা আইচ’লেশ্যন ৱাৰ্ড আৰু বাকীসকলক হোম আইচ’লেশ্যনত ৰখা হৈছে । চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত এলেকাত বুধবাৰে ১৪ জন লোকৰ দেহত ক'ভিড (Covid 19) পজিটিভ ধৰা পৰিছে ।

পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্যকেন্দ্ৰত সৰ্বমুঠ ৪৯৪ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলোকে হ’ম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২৬২৫ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ পাটসাঁকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণহাট ডোমৰ দলঙৰ নিবাসী মৃত ভৃগু গোচাইৰ পুত্ৰ উত্তম গোচাই(৪৬) ক'ভিড (Covid 19)ত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । ইয়াৰ লগে লগে বৃহত্তৰ মৰাণত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ২৫ জনলৈ ৷

লগতে পঢ়ক :হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.