ETV Bharat / city

নিৰ্মাণৰ এবছৰ পাছতেই ভাঙিল লাখটকীয়া দলঙৰ দুয়োটা মূৰ - moran bridge corruption

নিৰ্মাণৰ এবছৰৰ পাছতে ভাগি গ'ল মৰাণ সৰগফলাৰ বহু লাখটকীয়া দলঙৰ দুয়োটা মূৰ ৷ বাৰিষাৰ পূৰ্বেই মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

মৰাণত নিৰ্মাণ এবছৰ পাছতেই বহি গল দলঙৰ দুয়োটা মূৰ

author img

By

Published : May 28, 2021, 5:16 PM IST

মৰাণ, 28 মে' : ৰাজ্যৰ মন্ত্ৰী বিধায়কে স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ কথা ক'লেও সমষ্টিয়ে সমষ্টিয়ে পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ পৰা বাদ পৰি নগ'ল মৰাণ বিধানসভা সমষ্টিয়ো ।

গড়কাপ্তানী বিভাগৰ বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ঠিকাদৰে নিম্ন মানদণ্ডৰে পথৰ কাম কৰা ফলতে টেপৰচালি বামৰ পৰা বৰফুকন আলি সংযোজি পথটোৰ সৰগফলা গোহাঁই গাঁৱৰ ডিমৌ নদীৰ ওপৰত থকা দলঙৰ দুয়োটা মূৰৰ পথৰ অংশ বহি যোৱাত যাতায়তত যথেষ্ট সমস্যা সৃষ্টি হৈছে । উল্লেখ যে, ১৯ বৰ্ষত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতে গড়কাপ্তানী বিভাগৰ অধীনত পথ আৰু দলঙৰ কাম কৰা হৈছিল ৷

মৰাণত নিৰ্মাণ এবছৰ পাছতেই বহি গল দলঙৰ দুয়োটা মূৰ

নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই দলঙৰ দুয়োটা মূৰ ভাঙি বহি যোৱাত বিভাগীয় বিষয়াৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । সমাগত বাৰিষাৰ পূৰ্বে দলঙৰ ভাগি যোৱা পথৰ অংশ পুনৰ মেৰামতি নকৰিলে ব্যস্ততাপূৰ্ণ পথটোৰ যাতায়ত বিছিন্ন হোৱাৰ সম্ভাৱনাই অধিক বুলি জানিব পৰা গৈছে ।

গতিকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক চক্ৰধৰ গগৈক বিষয়টো গুৰুত্ব প্ৰদান কৰি পথটোৰ মেৰামতিৰ কাম অতি সোনকালে কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক : অতিমাৰী সংকটকালত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উল্লেখযোগ্য পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.