ETV Bharat / city

নাগালেণ্ডৰ কয়লাখনিত গেছ নিৰ্গমণ হৈ অগ্নিদগ্ধ 7 জনকৈ শ্ৰমিক

নাগালেণ্ডৰ নাগিনীমৰা লাইনছিলিপত কয়লাখনিত ভয়ংকৰ অগ্নিকাণ্ড(Fire in Nagaland Coal Mine) ৷ 6 জন শ্ৰমিকৰ অৱস্থাত সংকটজনক ৷ অগ্নিদগ্ধ শ্ৰমিককেইজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক মেডিকেল কলেজ আৰু হাস্পাতালত ভৰ্তি ৷

7 workers caught in fire due to gas emissions in Nagaland coal mine
লাইনছিলিপত কয়লাখনিত গেছ নিৰ্গমণ হৈ অগ্নিদদ্ধ 7জনকৈ শ্ৰমিক
author img

By

Published : Mar 30, 2022, 4:06 PM IST

মৰাণ, 30 মাৰ্চ : নাগালেণ্ডৰ মন জিলাৰ লাইনচিলিপ কয়লাখনিত শ্ৰমিকে কাম কৰি থকা সময়তে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । কয়লাখনিত শ্ৰমিকে কৰ্মৰত হৈ থকা অৱস্থাত গেছ নিৰ্গমণ হৈ সংঘটিত হয় অগ্নিকাণ্ড(Gas Emissions in Nagaland Coal Mine) ৷ এই অগ্নিকাণ্ডত 7 জনকৈ শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে ।

অগ্নিদগ্ধ শ্ৰমিককেইজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক মেডিকেল কলেজ আৰু হাস্পাতালত ভৰ্তি কৰা হৈছে ৷ আহত শ্ৰমিককেইজন ক্ৰমে ওচমান আলী(25), দীলদাৰ হুছেইন(28), হাবিবুৰ ৰহমান(26), নবীৰ হুছেইন(28), আবু তলব আলি(35), সমীৰ আলি(26) আৰু আৰিফ হুছেইন (25) বুলি জানিব পৰা হৈছে ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়া

আহত আটাইকেইজন শ্ৰমিকৰ ঘৰ গোলাঘাটৰ দয়ালপুৰত বুলি জানিব পৰা গৈছে । সমীৰ আলিৰ বাহিৰে বাকী আটাইকেইজনেই 90% অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা হৈছে ৷ সংকটজনক অৱস্থাত থকা আটাইকে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকাৰ কথা জানিবলৈ দিয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই(Assam Medical College Hospital Superintendent Prasanta Dihingia)।

লগতে পঢ়ক : অসম-অৰুণাচলৰ সম্প্ৰীতিৰ বাবে কাম কৰি যাম : নীলিম মহন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.