ETV Bharat / city

Mysterious death of woman: স্বামীগৃহৰ চোতালতে সৎকাৰ বোৱাৰীৰ মৃতদেহ

author img

By

Published : Jun 3, 2022, 10:00 PM IST

মৰাণত স্বামীগৃহৰ চোতালতে সৎকাৰ বোৱাৰীৰ মৃতদেহ ৷ পিছে বোৱাৰীগৰাকীৰ মৃত্যু কেনেকৈ হ’ল ? এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও সঠিককৈ জনোৱা নাই আৰক্ষীয়ে (Mysterious death of woman) ৷

daughter-in-laws-funeral-at-husbands-house-frontyard-at-moran-in-dibrugarh
স্বামী ঘৰৰ চোতালতে সৎকাৰ বোৱাৰীৰ মৃতদেহ

মৰাণ, 3 জুন: মৰাণত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়াও তীব্ৰ চাঞ্চল্য অব্যাহত আছে (Mysterious death of woman) ৷ বৃহস্পতিবাৰে ক্ষোভিত ৰাইজে স্বামীগৃহৰ চোতালতে পুতি থলে বোৱাৰীগৰাকীৰ মৃতদেহ ৷

উল্লেখ্য যে, বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পথালিবাম শলগুৰিৰ প্ৰাঞ্জল হাজৰিকাৰ পত্নী ভাৰতী চাংমাই হাজৰিকাৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল ৷ তাৰ পিছতে অঞ্চলটোত আৰম্ভ হৈছিল এক উত্তেজনাময় পৰিস্থিতি ৷

ভাৰতীয়ে কেতিয়াও আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে বুলি দাবী কৰি বৃহস্পতিবাৰে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে আৰক্ষী আৰু প্ৰশাসন লোকৰ উপস্থিতিত ৰাইজৰ সহযোগত স্বামী গৃহৰ চোতালতে সৎকাৰ কৰে মৃতদেহটো (Funeral on premises of husbands home of woman who died mysteriously) ৷

স্বামী ঘৰৰ চোতালতে সৎকাৰ বোৱাৰীৰ মৃতদেহ

মৃত ভাৰতী চাংমাৰ পৰিয়ালবৰ্গই জনোৱা অনুসৰি, বুধবাৰে নিশা ভাৰতীৰ স্বাস্থ্য বেয়া বুলি পিতৃ পৰিয়ালক খবৰ দিছিল স্বামীৰ পৰিয়ালে ৷ এই খবৰ পোৱাৰ লগে লগে বুধবাৰে নিশাই ভাৰতীৰ পিতৃয়ে ভাৰতীৰ স্বামীগৃহত উপস্থিত হৈ কন্যাৰ মৃতদেহ দেখি এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷

মাত্ৰ এবছৰ পূৰ্বে পথালিবাম শলগুৰিৰ বগা হাজৰিকাৰ পুত্ৰ প্ৰাঞ্জল হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পথালিবাম কমলদৈ গাঁৱৰ নিবাসী পোনা চাংমাইৰ কন্যা ভাৰতী চাংমাই ৷ ঘটনাৰ পৰৱৰ্তীসময়ত ভাৰতী চাংমাৰ পৰিয়ালৰ সদস্যই আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে মৃত ভাৰতীৰ স্বামী প্ৰাঞ্জল হাজৰিকা আৰু শহুৰ বগা হাজৰিকাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Mysterious death of a woman: মৰাণৰ পথালিবামত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.