মৰাণ, 15অক্টোবৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণতো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

মৰাণ বিধান পৰিষদৰ উদ্যোগত মৰাণ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহৰ সভাকক্ষত মৰাণ বিধান পৰিষদৰ সভাপতি সঞ্জীৱ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ১৫ জন জ্যেষ্ঠ সতীৰ্থক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ।

উক্ত সভাত অগপৰ কৰ্মকৰ্তা সকলে অনাগত দিনত জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কৰিব লগীয়া কৰ্মৰ ওপৰত অধিক মনোনিবেশ কৰা সংকল্প লয়। মৰাণ বিধান পৰিষদৰ সম্পাদক কুমুদ দুৱৰাই দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই অসমবাসীক উদ্দেশ্যি প্ৰেৰণ কৰা সম্বোধন পত্ৰ পাঠ কৰে।

সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জিতু ৰঞ্জন চেতিয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য দাঙি ধৰে ।
লগতে পঢ়ক : কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা