মৰাণ/বঙাইগাঁও, 21 মাৰ্চ : চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰী অঞ্চলৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃহত সোমবাৰে পুৱতি নিশা কোনো অচিনাকি দুৰ্বৃত্তই অগ্নিসংযোগ কৰে (Miscreants set fire to businessman's residence) ৷ এই অগ্নিকাণ্ডত যুৱ ব্যৱসায়ীজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যায় । জুইৰ লেলিহান শিখাই নিমিষতে ছাৰখাৰ কৰি দিয়ে বাসগৃহটো ।
পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত এখন বলেৰ' পিক আপ গাড়ী জ্বলি যোৱাৰ লগতে (Bolero pickup van burns in a fire incident) ঘৰৰ এটাও সম্পদ ৰক্ষা কৰিব নোৱাৰিলে যুৱ ব্যৱসায়ীগৰাকীয়ে । অগ্নিকাণ্ডৰ ফলত প্ৰায় 40 লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি অনুমান কৰা হৈছে ।
আনহাতে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাতো দেওবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড (Massive Fire Breaks Out at Bongaigaon) । গোলাপাৰা গাঁৱৰ ৰহিজুল মাৰ্কেটৰ সমীপৰ জহিদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ।
এই অগ্নিকাণ্ডত দুটাকৈ গৃহ জুইত জাহ যোৱাৰ লগতে বহু প্ৰয়োজনীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । স্থানীয় লোকে জুই নুমাবলৈ চেষ্টা চলায় যদিও জুই নুমাবলৈ সক্ষম নহয় ।
অগ্নিকাণ্ডত প্ৰায় 10 লাখ টকাৰো অধিক ক্ষতিসাধন হোৱাৰ আশংকা কৰিছে ৰাইজে । আনহাতে, ঘটনাস্থলীত প্ৰায় বহু পলমকৈ কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে স্থানীয় লোকে ।
লগতে পঢ়ক : গোলাঘাটৰ পাঁচআলিত ভয়াৱহ অগ্নিকাণ্ড