ETV Bharat / city

ডিব্ৰুগড়ত হাতী মানুহৰ সংঘাত: আহত এক - 2 নং চৰাইহাবিত মইনা দাসৰ গৃহত হাতীৰ আক্ৰমণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত মধুপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ ঘৰৰ বেৰ কাটি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ৷

ডিব্ৰুগড়ত হাতী মানুহৰ সংঘাত
ডিব্ৰুগড়ত হাতী মানুহৰ সংঘাত
author img

By

Published : Jan 24, 2020, 9:43 PM IST

ডিব্ৰুগড়, 24 জানুৱাৰী : ৰাজ্যৰ বহু স্থানত বৰ্তমানেও অব্যাহত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত ৷ সংকুচিত বনাঞ্চল আৰু বনজ জীৱৰ খাদ্যৰ অভাৱেই হৈছে এই বন্যপ্ৰাণী আৰু মানৱকূলৰ মাজত চলি অহা সংঘাতৰ অন্যতম কাৰণ ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সঘনে বন্যহস্তী আৰু মানুহৰ এখন অসমাপ্ত ৰণ চলি অহা দেখা গৈছে ৷ গোলাঘাট,গোৱালপাৰা,বাক্সা,ওদালগুৰি, নগাঁও আদি কেইখনমান জিলাত হস্তী-মানৱ সংঘাতৰ চূড়ান্ত ৰূপ পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ আন কেইবাখনো জিলালৈও বন্যহস্তী আৰু মানুহৰ সংঘাত বিয়পি পৰিছে ৷ তাৰে অনুৰূপ দৃশ্য দেখা পোৱা গ’ল ডিব্ৰুগড় মধুপুৰত ৷ 2 নং চৰাইহাবিত মইনা দাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি তহিলং কৰিলে বনৰীয়া হাতীয়ে । এই আক্ৰমণত আহত হয় এগৰাকী বৃদ্ধা ।

হাতী মানুহৰ সংঘাত, আক্ৰমণত আহত এক

প্ৰায়ে মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে শ-শ হাতীৰ জাক ৷ দীৰ্ঘদিনৰ পৰাই মধুপুৰ অঞ্চলত উপদ্ৰৱ চলাই আছিল হাতীৰ জাকটোৱে ৷ আঘোণৰ পথাৰত ধান খাই তহিলং কৰাৰ পাচতে এতিয়া গৃহস্থৰ গৃহত অনিষ্ট কৰিছে বনৰীয়া হাতীৰ জাকটোৱে। বৃহস্পতিবাৰে নিশাৰ ভাগত মইনা দাসৰ বাসগৃহটো ভাঙি ধান-চাউল খাই বিভিন্ন বহু সা-সামগ্ৰী অনিষ্ট কৰে। কথমপি ঘৰৰ বেৰ কাটি পৰিয়ালটোৱে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মইনা দাসৰ বৃদ্ধা মাতৃ আৰু কন্যা কিছু পৰিমাণে আহত হয়।

Intro:
ডিব্ৰুগড় মধুপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ। ২নং চৰাইহাবিত মইনা দাস নামৰ ব্যক্তি জনৰ বাসগৃহ ভাঙি তহিলং।আহত এগৰাকী বৃদ্ধা।বান বিধস্ত অঞ্চলটোৰ মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধানত উলাই অহা প্ৰায় এশটা বনৰীয়া হাতীৰ জাকে মধুপুৰ অঞ্চলত দীৰ্ঘদিন উপদ্ৰপ চলাই আছে।আঘোণৰ পথাৰত ধানখাই তহিলং কৰাৰ পাছত এতিয়া গৃহস্থৰ গৃহত অনিষ্ট কৰি আহিছে বনৰীয়া হাতীৰ জাকটোৱে।নিশাৰ ভাগত এনেদৰে দুই নং চৰাইহাবীৰ মইনা দাসৰ বাসগৃহটো ভাঙি ধান-চাউল খাই বিভিন্ন সা-সম্প্ৰতি অনিষ্ট কৰে।আনহাতে হাতীৰ জাকটোৰ পৰা ঘৰৰ বেৰ কাটি পৰিয়ালটো পুৱতি নিশা উলাই গৈ প্ৰাণ ৰক্ষা কৰে যদিও মইনা দাসৰ বৃদ্ধা মাতৃ আৰু কন্যা কিছু পৰিমাণে আহত হয়।
Byte:-মইনা দাস।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.