ETV Bharat / city

দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

মৰাণত সকলো পূজা সমিতিক একত্ৰিত কৰি উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷ ইতিমধ্যে দুৰ্গা পূজা সমন্বৰক্ষী সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে ।

Durga puja samannay rakshi samiti Office of Moran inaugurated by Minister jogen mohan
দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : Oct 24, 2020, 10:25 AM IST

মৰাণ, 24 অক্টোবৰঃ কৰ'ণা মহামাৰীৰ আতংকৰ মাজতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা । সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ মৰাণতো উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷

Durga puja samannay rakshi samiti Office of Moran inaugurated by Minister jogen mohan
দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

উল্লেখ্য যে, বিগত বৰ্ষত মৰাণ চহৰতে ৫ খনকৈ দুৰ্গা পূজা উদযাপন হোৱাৰ লগতে চহৰখনৰ কাষৰীয়া চাহ বাগানসমূহতো এই দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে ৷ কিন্তু এইবেলি কৰ'ণা মহামাৰীৰ বাবে পূজা উদযাপন কৰা সন্দৰ্ভত প্ৰশাসনে ল'লে কিছু ব্যতিক্ৰমী প্ৰচেষ্টা ৷ অঞ্চলটোৰ সকলো পূজা সমিতিক একত্ৰিত কৰি মৰাণ প্ৰশাসনে এখন দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি গঠন কৰি দিয়ে ৷ লগতে মৰাণত পূজাৰ দিন কেইটাত যাতে শান্তি শৃংখলা অটুত থাকে তাৰ বাবে সকলোকে চেষ্টা তথা সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনায় ।

ইফালে শুকুৰবাৰে দুৰ্গা পূজা সমন্বৰক্ষী সমিতিৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে । উক্ত উদ্বোধনী সভাত উপস্থিত থাকে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰা, সাংবাদিক ত্ৰৈলোক্য চেতিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘনকান্ত গগৈ, দিননাথ মিলি দেৱৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি । সকলো ৰাইজকে কোভিড প্ৰ'টকলৰ নীতি নিয়ম পালন কৰি শান্তি-শৃংখলা বজাই ৰাখি পূজাৰ আনন্দ উপভোগ কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সকলো ৰাইজকেই আহ্বান জনায় ।

লগতে পঢ়ক- মৰিগাঁৱৰ দুৰ্গা পূজাত বৰষুণৰ বিধি-পথালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.