মৰাণ, 23 মে' : চকুৰ আগতে দেখি থকা ক'ভিডৰ ভয়ৱহ দৃশ্যই ব্যথিত কৰি তুলিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এজন চিকিৎসকৰ পুত্ৰক । চিকিৎসক পিতৃয়ে সদায় যুঁজ দি আছে ক'ভিডৰ সৈতে । সেই দৃশ্যও পুত্ৰই ওচৰৰ পৰা দেখি আছে ।
সেয়েহে ড৹ আম্বেদকাৰ ইংলিছ একাডেমীৰ নৱম শ্ৰেণী ছাত্ৰ তথা খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰমেন কাকতিৰ পুত্ৰ জোহাঞ্চ কাকতিয়ে পিতৃয়ে হাত খৰচৰ বাবে দিয়া সাঁচতীয়া ৫ হাজাৰ টকা দেওবাৰে চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰে ।
ক'ভিডৰ সৈতে যুঁজ দি থকা চৰকাৰখনৰ প্ৰতিটো খবৰ ৰাখে চিকিৎসক পুত্ৰ জোহাঞ্চ কাকতিয়ে । কৰ’ণাৰ প্ৰতিষেধকে ধৰি ক'ভিডৰ বিভিন্ন ঔষধ ক্ৰয়ৰ বাবে চৰকাৰক প্ৰয়োজন হৈছে বহু পৰিমাণৰ অৰ্থৰ । এই কথা বুজি পায়েই ছাত্ৰজনে নিজৰ সাঁচি থোৱা টকা চৰকাৰৰ ঘৰলৈ আগবঢ়াইছে বুলি জানিবলৈ দিয়ে ছাত্ৰ গৰাকীৰ পিতৃ চিকিৎসক ৰমেন কাকতিয়ে ৷ ছাত্ৰ তথা চিকিৎসক পুত্ৰৰ এনে কাৰ্যই একাংশই প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক : উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ মন্তব্য শিক্ষামন্ত্ৰীৰ