ETV Bharat / city

শ্মশান-কবৰস্থান কমিটিৰ সৈতে আলোচনা ডিব্ৰুগড়ৰ উপায়ুক্তৰ

author img

By

Published : Jul 22, 2020, 12:30 AM IST

মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ শ্মশান আৰু কবৰস্থান সমিতি সমূহৰে সৈতে এক আলোচনাত মিলিত হয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝা ৷

Discussion with the Appropriate Cremation Cemetery Committee By Dibrugarh DC

ডিব্ৰুগড়, 21 জুলাই : ক'ভিড-19 ৰ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ নিজ নিজ ধৰ্মীয় নীতি নিয়মৰ মাজেদি অন্তিম কাজ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৱলী সন্দৰ্ভত মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ শ্মশান আৰু কবৰস্থান সমিতি সমূহৰে সৈতে এক আলোচনাত মিলিত হয় ৷

সভাত উপায়ুক্ত শ্ৰী ঝাই সকলো শ্মশান আৰু কবৰস্থান সমিতিৰ পৰা ক'ভিড আক্ৰান্ত হৈ কোনো ব্যক্তিৰ মৃত্যু হ'লে তেনে ব্যক্তিৰ সৎকাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা কামনা কৰে ৷

শ্মশান-কবৰস্থান কমিটিৰ সৈতে আলোচনা ডিব্ৰুগড়ৰ উপায়ুক্তৰ
শ্মশান-কবৰস্থান কমিটিৰ সৈতে আলোচনা ডিব্ৰুগড়ৰ উপায়ুক্তৰ

সভাত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে অন্তিম কাজ সম্পন্ন কৰিলে মৃতদেহৰ পৰা ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা নূন্যতম বুলি উল্লেখ কৰে ৷

আনহাতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মৃতদেহ বীজাণুমুক্ত কৰাৰ বাবে কি ধৰণৰ চৰকাৰী সুৰক্ষাজনিত নিয়মাৱলী পালন কৰা হয় আৰু মৃতদেহ সৎকাৰৰ সময়ত পালন কৰিবলগীয়া নিয়মাৱলী সন্দৰ্ভত অৱগত কৰা হয় এই বৈঠকত ৷ তথা প্ৰশাসনৰ তৰফৰ পৰাও সকলোকে এই দিশত প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় ৷

লগতে চাওক-মানকাচৰত মেঘালয়ৰ বাঢ়নী পানীৰ কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.