ETV Bharat / city

প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক - অতিৰিক্ত উপায়ুক্ত

বান সমস্যাক লৈ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰম্ভ ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৷ ধুমুহা, বান আৰু যিকোনো প্ৰাকৃতিক দূৰ্যোগৰ সময়ৰ বাবে সাজু হৈ থাকিবলৈ ক্ষেত্ৰ বিষয়াসকলক নিৰ্দেশ ৷

ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

author img

By

Published : Mar 31, 2021, 7:06 AM IST

ডিব্ৰুগড়,31 মাৰ্চ: আগন্তুক বাৰিষাত বান সমস্যা সমাধানৰ বাবে পৰিকল্পনা আৰম্ভ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ মঙলবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়াসকলৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয় ।

ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ পদক্ষেপ
ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

বৈঠকত উপায়ুক্ত গৰাকীয়ে ধুমুহা, বান আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া তাৎক্ষণিক পদক্ষেপ আৰু প্ৰস্তুতিৰ লগতে অন্যান্য দিশসমূহৰ বিষয়ে আলোচনা কৰে । উপায়ুক্ত ঝা-ই ক্ষেত্ৰ বিষয়াসকলক নিজ নিজ এলেকাৰ গাওঁবুঢ়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি সজাগ আৰু সচেতন কৰাৰ লগতে যিকোনো পৰিস্থিতিত যাতে তেওঁলোকে খবৰসমূহ সঠিক আৰু ততাতৈয়াকৈ জিলা প্ৰশাসনক অৱগত কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয় । বৈঠকত অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰাজীৱ থাপা, তপন কুমাৰ গোঁহাই, সহকাৰী আয়ুক্ত জয় শিৱানী উপস্থিত থাকে ।

লগতে পঢ়কঃ ইউপিপিএলক সমৰ্থন বাঙালী জনমুক্তি বাহিনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.