ডিব্ৰুগড়, 19 নবেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নিশা ডিব্ৰুগড়ৰ নালিয়াপুলত উপস্থিত হৈ অলপতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অঞ্চলটোৰ তিনিগৰাকী সৰবৰহী যুৱক দেৱজ্যোতি গগৈ, সত্যজিত শইকীয়া আৰু ইন্দ্ৰনীল গগৈৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত দেৱজ্যোতি গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বাসগৃহতে তিনিওজন যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰে ৷
আনহাতে, দুৰ্ঘটনাটোত আহত হৈ চিকিৎসাধীন হৈ থকা আন দুগৰাকী যুৱকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থপ্ৰতিম বৈৰাগীক নিৰ্দেশ দিয়ে । এই সাক্ষাৎৰ সময়ত মুখ্যমন্ত্ৰীৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত থাকে ।
লগতে পঢ়ক : নাগ্ৰীজুলিৰ কাউলীত বিজেপিৰ যোগদান সমাৰোহ