ETV Bharat / city

ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক ডিব্ৰুগড়ত

সাম্প্ৰতিক পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী ৷

Chief Minister Sarbananda Sonoal Attended At Dibrugarh
ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
author img

By

Published : Aug 20, 2020, 11:52 PM IST

ডিব্ৰুগড়, 20 আগষ্টঃ ৰাজ্যত বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে স্বাস্থ্য বিভাগ আৰু চৰকাৰ প্ৰশাসনে কৰ'ণা ৰোগ প্ৰতিৰোধৰ বাবে লকডাউনৰ লগতে সকলো জিলাতে ক'ভিড চিকিৎসালয় নিৰ্মাণ কৰিছে ৷ ইতিমধ্যে পূৰ্বৰ তুলনাত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে ৷ ইফালে চৰকাৰে কিছু কিছু দিশত লকডাউন শিথিল কৰি দিছে চৰকাৰ প্ৰশাসনে ৷ ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো জিলাৰে কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লৈছে ৷

ঠিক একেদৰে বৃহস্পতিবাৰে বৰ্তমান পৰিস্থিত বুজ লোৱা উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ জিলা উপায়ুক্ত কাৰ্যালয়ত মহামাৰী ক'ভিড-19ৰ সন্দৰ্ভত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ জিলাখনৰ কৰ'ণাৰ লগতে সকলো পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে উক্ত পৰ্যালোচনা সভাতে ভাৰতীয় ষ্টেট বেংকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ মুখ্যমন্ত্ৰী জড়িয়তে প্ৰদান কৰে ১০ টা ভেণ্টিলেটৰ । উক্ত সভাখনত জিলা খনৰ স্বাস্থ্য বিষয়াৰ লগতে প্ৰশাসনৰ বহু কেইজন বিষয়ববীয়া অংশ গ্ৰহণ কৰে ৷

ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

লগতে পঢ়ক- আছুৰ ৰাজনৈতিক দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.