ETV Bharat / city

ডিকমত অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান বাতিল

author img

By

Published : Apr 23, 2021, 7:58 AM IST

চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ বিহু সন্মিলন উদযাপন সমিতিয়ে এই সংগীতানুষ্ঠানখন বাতিল কৰে । বৃহস্পতিবাৰে সংবাদমেলযোগে বিহু উদযাপন সমিতিয়ে সংগীতানুষ্ঠানৰ লগতে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সকলো অনুষ্ঠান বাতিল কৰাৰ কথা জানিবলৈ দিয়ে ।

ডিকমত অংগৰাগ পাপন মহন্তৰ সাংস্কৃতিক সংগীতানুষ্ঠান বাতিল

মৰাণ, 23 এপ্ৰিল : সমগ্ৰ ৰাজ্যতে কৰ’ণাৰ আতংক অব্যাহত আছে ৷ দেশত সঘনাই বৃদ্ধি পাই আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ সেয়েহে সাম্প্ৰতিক ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত অংগৰাগ পাপন মহন্তৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হয় । চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ বিহু সন্মিলন উদযাপন সমিতিয়ে এই সংগীতানুষ্ঠানখন বাতিল কৰে । বৃহস্পতিবাৰে সংবাদমেল যোগে বিহু উদযাপন সমিতিয়ে সংগীতানুষ্ঠানৰ লগতে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সকলো অনুষ্ঠান বাতিল কৰাৰ কথা জানিবলৈ দিয়ে ।

আনহাতে, চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ বিহু সমিতিয়ে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অসমৰ জনপ্ৰিয় সংগীত শিল্পী ভিতালী দাসৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে । ইয়াৰ লগতে বিহু সমিতিয়ে গছ তলৰ বিহুত শ্ৰেষ্ঠ দলক 50000 হাজাৰ টকা, শ্ৰেষ্ঠ বিহুৱতীগৰাকীক 100000 টকাৰে পুৰস্কৃত কৰাৰ কথা ভাবিছিল বুলি সংবাদমেল যোগে জানিব দিয়ে ৷ কিন্তু কৰ’ণাৰ আতংকৰ বাবে অনুষ্ঠান বাতিল কৰে ৷ লগতে বিহু উদযাপন সমিতিয়ে ৰাজ্যবাসীক কৰ’ণাৰ প্ৰট’কলসমূহ মানি চলিবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক : ভিতালী দাসলৈ শেষ শ্ৰদ্ধা কৃষ্ণমণি নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.