মৰাণ,13 মে’ : চাবুৱা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱাক ডিকমবাসীয়ে উষ্ম আদৰণি জনাই এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে ৷ সম্পূৰ্ণ ক'ভিড প্ৰ’টকল মানি চলি ডিকম সাৰ্বজনীন হৰিমন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা সভাত উপস্থিত হৈ বিধায়ক বৰুৱাই তেখেতক সমষ্টিটোৰ পৰা বিপুল ভোটত জয় কৰাৰ বাবে সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।
ইয়াৰ লগতে সাম্প্ৰতিক সময়ত ক'ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত সজাগতা সভা আয়োজন কৰিছে নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । আনহাতে চাবুৱা সমষ্টিত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ বাবে ক’ভিড চিকিৎসা কেন্দ্ৰ মুকলি কৰাৰ লগতে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি চাবুৱা চেণ্টলোক হাস্পতালকো ক’ভিড চিকিৎসা কেন্দ্ৰ হিচাপে মুকলি কৰাৰ কথা বিধায়ক বৰুৱাই উল্লেখ কৰে ৷ মহামাৰী ক'ভিডৰ বিৰুদ্ধে ব্যাপকভাৱে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে চাবুৱাৰ অগপ নৱ-নিৰ্বাচত বিধায়ক পোনাকণ বৰুৱাক ।
লগতে পঢ়ক : কাৰ্বিভূমিৰ দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী তুলিৰাম ৰংহাঙৰ