মৰাণ, 30 জুলাই : ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক অপমান(Insulting remarks towards President Droupadi Murmu) কৰাক লৈ কংগ্ৰেছ নেতা অধীৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ(BJP Mahila Morcha President Angurlata Deka) নেতৃত্বত উলিওৱা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত আহোম জাতিক কৰা অপমানৰ বিৰুদ্ধে গৰজি উঠিছে টাই আহোম যুৱ পৰিষদ(Tai Ahom Youth Forum Protest at Dibrugarh) ।
ডিব্ৰুগড় চহৰৰ চৌকিডিঙিত শনিবাৰে টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ প্ৰতিকৃৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Angurlata Deka Effigy burnt at) । প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, আঙুৰলতা ডেকা হায় হায়, বিজেপি হুঁচিয়াৰ, আহোম জাতিৰ অপমান সহ্য কৰা নহ'ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপ দুৱৰাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতৃত্বই বিজেপি চৰকাৰক সঁকিয়াই দি কয় যে, অসমত ছশ বছৰ ৰাজত্ব চলোৱা আহোম জাতিক বাৰে বাৰে অপমান কৰা হৈছে । তেওঁ আহোম জাতিক কৰা এই অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে । তেওঁ লগতে কয় যে, বিজেপিয়ে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেই সম্পৰ্কত আমাৰ ক'বলগীয়া নাই । কিন্তু প্ৰতিবাদৰ নামত আহোম জাতিক মুৰ্দাবাদ ধ্বনি দি অপমান কৰিলে টাই আহোম যুৱ পৰিষদে হাত সাৱটি বহি নাথাকে বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃত্বই ।
লগতে পঢ়ক : Rashtrapatni Remark Row: মৰাণত জ্বলিল আঙুৰলতাৰ প্ৰতিকৃৰ্তি