ETV Bharat / city

ডিচাম চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Aug 12, 2020, 8:00 PM IST

নাহৰকটীয়াৰ ডিচাম চাহ বাগিচা অংগবাড়ী কেন্দ্ৰৰ নামত থকা বেংক একাউন্টৰ পৰা ডিচাম চাহ বাগিচা কৰ্তৃপক্ষই দুবাৰকৈ সৰকাইছে চৰকাৰী ধন ৷ নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰজু ৷

anganbari center misappropriation charges against Desam tea estate authorities

নাহৰকটীয়া, 12 আগষ্ট: ডিচাম চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ অংগনবাড়ী কেন্দ্ৰৰ নামত থকা বেংক একাউন্টৰ পৰা ডিচাম চাহ বাগিছা কৰ্তৃপক্ষই চৰকাৰী ধন আত্মসাৎ কৰা অভিযোগত নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰজু ৷

অংগনবাড়ী কেন্দ্ৰটোৰ মুখ্য কৰ্মী হিৰামণি তিগ্গাই সংবাদ মাধ্যমক জনোৱা মতে, দুমাহ পূৰ্বে কেন্দ্ৰটোৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ নাহৰকটীয়া শাখাৰ একাউন্টটোৰ চেকবুক শেষ হোৱাত নতুন চেকবুকৰ বাবে আৱেদন কৰে যদিও নিৰ্দিষ্ট সময়ত চেকবুক নোপোৱাত তেওঁলোকে উইড্ৰ'ল শ্লিপযোগে কেন্দ্ৰটোৰ বাবে প্ৰয়োজনীয় টকা উলিয়াবলৈ নাহৰকটীয়া শাখাত শ্লিপ জমা দিয়াত বেংক কৰ্তৃপক্ষই তেওঁলোকৰ একাউন্টৰ চেক যোগে দুবাৰকৈ ধন উলিওৱা হৈছে যাৰ বাবে পুনৰ উইড্ৰ'ল শ্লিপযোগে টকা উলিয়াব পৰা নাযাব বুলি উল্লেখ কৰে ৷

এই সমগ্ৰ ঘটনাটোত আচম্বিত হৈ কেন্দ্ৰটোৰ কৰ্মীয়ে পাচবুকখন আপডেট কৰাতহে ডিচাম চাহ বাগিছাৰ Andrew Yule & Company Limited ৰ নামত ভাৰতীয় ষ্টেট বেংকৰ নামৰূপ শাখাৰ পৰা ক্ৰমে 3 জুন তাৰিখে 1147 টকা আৰু 29 জুলাই তাৰিখে 8803 টকা একাউন্টৰ পৰা উলিওৱা হৈছে বুলি জানিব পাৰে ।

ডিচাম চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ

আনহাতে নাহৰকটীয়া শাখাৰ বেংক কৰ্তৃপক্ষৰ লগত এই বিষয়ে আলোচনা কৰাত ইতিমধ্যে উক্ত চেকবুকখন নিৰ্দিষ্ট ঠিকনাত ডাকযোগে পঠিওৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ পাচত ডাকঘৰত খবৰ কৰাত ডাকঘৰ কৰ্তৃপক্ষই চেকবুকখন ডিচাম চাহ বাগিছাত দিয়া হৈছে বুলি অৱগত কৰে ।

কেন্দ্ৰটোৰ কৰ্মী সকলৰ অজ্ঞাতে হোৱা এনে ধন হৰলুকীৰ পিছতেই তেওঁলোকে কেইবাবাৰো বাগিচাখনৰ মুখ্য পৰিচালক মনচুক তপ্নক লগ কৰিবলৈ চেষ্টা চলায় যদিও তেওঁ অংগনবাড়ী কৰ্মী সকলক লগ কৰাৰ পৰা বিৰত থাকে ৷

ক'ৰণা মহামাৰীয়ে বিভীষিকা সৃষ্টি কৰাৰ সময়তেই কণ-কণ ছাত্ৰ ছাত্ৰীৰ খাদ্য তথা শিক্ষাৰ নামত অহা ক্ষুদ্ৰতম পৰিমাণৰ চৰকাৰী ধন এইদৰে বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা আত্মসাৎ হোৱা বুলি জানিব পাৰি বুধবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰুস্তম কুজুৰ, আছা ডিব্ৰুগড় জিলাৰ সভাপতি মদন বাগৱাৰ, নাহৰকটীয়া আঞ্চলিকৰ সভাপতি জিতেন উৰাং, সম্পাদক মিখেল পুৰ্ত্তীসহ সংগঠনটোৰ এটা সঁজাতি দলে অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী সকলক লগত লৈ বাগিছাখনৰ মুখ্য পৰিচালক মনচুক তপ্নক সাক্ষাৎ কৰাত তেওঁ নিজৰ ভুল স্বীকাৰ কৰি উক্ত ধন কেন্দ্ৰটোৰ একাউন্টত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বুলি সংগঠনটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ।

আনহাতে এই প্ৰতিবেদকে বাগিছাৰ পৰিচালকগৰাকী বাগিছাত উপস্থিত নথকাত ফোনযোগে বিষয়টোৰ সন্দৰ্ভত মতামত ল’বলৈ চেষ্টা কৰে যদিও পৰিচালকজনে অভব্য আচৰণ কৰি কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বুলি উল্লেখ কৰে ।

বুধবাৰে অংগনবাড়ী কেন্দ্ৰটোৰ মুখ্য কৰ্মীগৰাকীয়ে কেন্দ্ৰটোৰ একাউন্টৰ পৰা তেওঁলোকৰ স্বাক্ষৰ তথা তথ্যপাতিৰ অবিহনে ধন আত্মসাৎ হোৱা ঘটনাটোৰ সন্দৰ্ভত নাহৰকটীয়া আৰক্ষী থানাত ডিচাম চাহ বাগিছাৰ কৰ্তৃপক্ষৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ নামৰূপ শাখাৰ বিৰুদ্ধেও এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিতেই নাহৰকটীয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 420/406 ধাৰাৰ অধীনত 142/2020 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অংগনবাড়ী কেন্দ্ৰৰ বাগিছা কৰ্তৃপক্ষৰ দ্বাৰা ধন আত্মসাৎ আৰু একাউন্টৰগৰাকীৰ স্বাক্ষৰ অবিহনে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা ধন মুকলি কাৰ্যই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ৷

অংগনবাড়ী বিষয়া-কৰ্মীৰ প্ৰতিক্ৰিয়া

সম্প্ৰতি বেংক কৰ্তৃপক্ষৰ গাফিলতি তথা চাহ বাগিছা কৰ্তৃপক্ষৰ ভুলে এতিয়া সাধাৰণ ৰাইজৰ কষ্টোৰ্পাজিত ধনৰ সঞ্চয়ৰ সুৰক্ষাৰ ক্ষেত্ৰতো নমাই আহিছে এক বৃহৎ প্ৰশ্ন । এই ক্ষেত্ৰত নাহৰকটীয়া আৰক্ষীয়ে কি ভূমিকা পালন কৰে সেয়াহে পৰৱৰ্তী সময়ত এতিয়া লক্ষণীয় হ’ব ৷

লগতে চাওক-হাইলাকান্দিত পানীৰ বাবে হাহাকাৰ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.