ETV Bharat / city

গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদত বহিল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা - নামৰূপ ৰাসায়নিক সাৰৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্ত

নামৰূপ ৰাসায়নিক সাৰৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোট শীঘ্ৰে মেৰামতি কৰাৰ দাবী আছুৰ ৷

AASU stage strike at BVFCL Namrup
গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদত বহিল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা
author img

By

Published : Jan 27, 2022, 10:36 AM IST

মৰাণ, 27 জানুৱাৰী : নামৰূপ সাৰ কাৰখানাৰ(Brahmaputra Valley Fertiliser Corporation Limited) দ্বিতীয় আৰু তৃতীয় গোট শীঘ্ৰে মেৰামতি কৰাৰ লগতে ৰাসায়নিক সাৰৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বুধবাৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা(AASU stage strike at BVFCL Namrup)ই । সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটটো মেৰামতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকাৰ পেকেজ প্ৰদান কৰিছিল ৷

কিন্তু ইয়াৰ পাছতো সাৰ কাৰখানাটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকগৰাকীয়ে অতি কৌশলেৰে দ্বিতীয় গোটটো বন্ধ কৰিবলৈ পৰিকল্পনা কৰাত ক্ষোভিত হৈ পৰিছে আছুৰ লগতে নামৰূপৰ দল সংগঠনসমূহ । ইফালে আওপুৰণি তৃতীয় গোটটোৱে বৰ্তমান দৈনিক ৫০০ ৰ পৰা ৬০০ মেট্ৰিক টন সাৰ উৎপাদন কৰি আছে যদিও কেনেবাকৈ দ্বিতীয় গোটটো বন্ধ হৈ পৰিলে ইয়াৰ প্ৰভাৱ তৃতীয় গোটটো পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে সাৰ কাৰখানাটোত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলে ।

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব

একেদৰে সাৰ কাৰখানাটোত চলি থকা সাৰৰ কেলেংকাৰী সঠিক ৰূপত তদন্ত নকৰাত উদ্যোগটোৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৰ নেতৃবৃন্দই ।

নামৰূপবাসী ৰাইজে আশা কৰিছিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাৰ কাৰখানাৰ দ্বিতীয় গোট এই সাহাৰ্যৰ দ্বাৰা উৎপাদনক্ষম হ’ব আৰু জোৰা-টাপলি মাৰি চলি থকা তৃতীয় গোটৰ মেৰামতি কৰি নামৰূপ চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত উত্তৰ-পূৱৰ কৃষকৰ সাৰৰ চাহিদা পূৰ হ’ব তথা সাৰ কাৰখানাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত পাঁচ সহস্ৰাধিক লোকৰ আশা সজীৱ হ’ব (Brahmaputra Valley Fertilizer Corporation Limited in Namrup)৷

বৰ্তমান দ্বিতীয় গোটৰ পৰা কাৰ্বন-ডাই-অক্সাইড তৃতীয় গোটলৈ সৰবৰাহ কৰি ৰাসায়নিক সাৰ উৎপাদনৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছে ৷ দ্বিতীয় আৰু তৃতীয় গোট সক্ৰিয় হৈ থাকিলে সাৰ-কাৰখানাৰ দৈনিক উৎপাদন ১১০০ টন সম্ভৱ হয় কিন্তু এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি সাৰ কাৰখানাৰ এই উৎপাদন দৈনিক ৭০০ টনলৈ হ্ৰাস কৰিবলৈ অভিসন্ধি কৰিছে ৷

লগতে পঢ়ক : অতীত হ’ব নেকি নামৰূপ সাৰ কাৰখানা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.