ETV Bharat / city

আইতাকৰ পিণ্ড দিবলৈ আহি ডিমৌ নদীত এজন সন্ধানহীন - Dimau river at Moran

আইতাকৰ পিণ্ড দিবলৈ আহি ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাঙৰ ডিমৌ নদীত এজন কিশোৰ সন্ধানহীন (A Teenager boy drowned in Dimau river at Moran) ৷ সন্ধানহীন হোৱা কিশোৰজন চাবুৱাৰ মেৰেলী পথাৰৰ অনিকেশ সিং (১৬) ।

A Teenager boy drowned in Dimau river at Moran
আইতাকৰ পিণ্ড দিবলৈ আহি খোৱাঙৰ ডিমৌ নদীত এজন কিশোৰ সন্ধানহীন
author img

By

Published : Jul 2, 2022, 10:03 PM IST

মৰাণ, 2 জুলাই: খোৱাঙত শনিবাৰে সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ আইতাকৰ পিণ্ড দিবলৈ আহি ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ নদীত এজন কিশোৰ সন্ধানহীন ৷ সন্ধানহীন হোৱা কিশোৰ জন চাবুৱাৰ মেৰেলী পথাৰৰ অনিকেশ সিং (১৬) (A Teenager boy drowned in Dimau river at Moran) ।

আইতাকৰ পিণ্ড দিবলৈ আহি খোৱাঙৰ ডিমৌ নদীত এজন কিশোৰ সন্ধানহীন

জানিব পৰা মতে, পিতৃ দিপো সিং আৰু মাতৃ পূজা দেৱী সিঙৰ পুত্ৰ অনিকেশে শনিবাৰে খোৱাঙৰ আঠাবাৰীত মৃত আইতাকৰ শ্ৰাদ্ধলৈ আহিছিল । ধৰ্মীয় নিয়ম অনুসৰি ওচৰতে থকা ডিমৌ নদীত আইতাকৰ পিণ্ড দি গা ধুবলৈ লওঁতেই নদীৰ বুকুত সন্ধানহীন হয় কিশোৰজন ।

সন্ধানহীন কিশোৰজনক বিচাৰি ডিব্ৰুগড় এচ ডি আৰ এফৰ লোকে নদীৰ বুকুত অভিযান চলাই যদিও সন্ধিয়া পৰ্যন্ত কিশোৰজনৰ কোনো শুংসূত্ৰ নাপালে । দেওবাৰে পুনৰ এচ ডি আৰ এফৰ লোকে নদীৰ বুকুত অনিকেশ সিঙক বিচাৰি অভিযান চলাব বুলি জানিবলৈ দিছে । উল্লেখ্য যে, ডিমৌ নদীৰ পানী যথেষ্ট বাঢ়ি আছে ৷

লগতে পঢ়ক: RIP Kishor Das : চেন্নাইত কিশোৰ দাসৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.