ETV Bharat / city

মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ

author img

By

Published : Aug 17, 2022, 8:36 AM IST

মৰাণস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত মাৰপিটৰ ঘটনা(Dibrugarh Jawahar Navodaya Vidyalaya) ৷ পাঁচ ছাত্ৰৰ নিৰ্মম আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত এজন ছাত্ৰ(Brutal torture with Student of JNV)। অভিযুক্ত ছাত্ৰকেইজনক অনিৰ্দিষ্ট দিনলৈ নিলম্বন বিদ্যালয় কৰ্তৃপক্ষৰ ৷

A student critically injured after being thrashed by five students
মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ

মৰাণ, 17 আগষ্ট: উজনিৰ এখন আগশাৰী বিদ্যালয়ৰ অন্যতম হৈছে ডিব্ৰুগড় জিলাৰ মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয় । প্ৰতি বছৰে এশ শতাংশ উত্তীৰ্ণ ফলাফলেৰে শিৰোনাম দখল কৰা বিদ্যালয়খনত এইবাৰ সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা । মঙলবাৰে বিয়লি বিদ্যালয়খনৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল যদিও ঘটনা পোহৰলৈ আহিছিল নিশা ।

গুৰুতৰভাৱে আহত ছাত্ৰজনে নিশা ফোন কৰি পৰিয়ালক ঘটনাৰ বিষয়ে জনোৱাৰ পাছতে পোহৰলৈ আহিছিল এই ঘটনা । শ্ৰেণী কোঠাত দুই বন্ধুৰ মাজত হোৱা সৰু সংঘাতৰ পাছতে পাঁচজনকৈ ছাত্ৰ একেলগ হৈ প্ৰহাৰ কৰিলে নৱম শ্ৰেণীৰ অৰ্ণৱ দাস নামৰ ছাত্ৰজনক(student critically injured after being beaten by five students) । ছাত্ৰকেইজনে গছৰ ডাল আৰু হাতেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আহত ছাত্ৰজনে ।

শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকা ছাত্ৰজনে নিশা সমগ্ৰ ঘটনা ফোন কৰি পৰিয়ালক জনোৱাৰ পাছতে পৰিয়ালৰ লোক নিশাই উপস্থিত হয় বিদ্যালয়ত । পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতহে আহত ছাত্ৰজনক চিকিৎসাৰ ব্যৱস্থা কৰে বিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ পাছত নিশাই বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত ছাত্ৰকেইজনৰ অভিভাৱকক বিদ্যালয়লৈ মতাই আনি সমগ্ৰ ঘটনা অৱগত কৰে ৷

বিদ্যালয় কৰ্তৃপক্ষই অনিৰ্দিষ্ট দিনলৈ নিলম্বন কৰে অভিযুক্ত পাঁচ ছাত্ৰক । অভিযুক্ত ছাত্ৰকেইজন ক্ৰমে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত দুলীয়াজানৰ গৌৰৱ ডেকা, ধেমাজিৰ বিপ্লৱ দলে, নাহৰকটীয়াৰ শুভ্ৰজিৎ গগৈ, টেঙাখাটৰ গৌৰৱ সোণোৱাল, ডিব্ৰুগড় চেতিয়া চুকৰ অজয় গগৈ বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক: সহস্ৰাধিক শিক্ষাৰ্থীৰ হাতৰ চাপেৰে অংকন স্বাধীনতা সেনানীৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.