মৰাণ,8 ডিচেম্বৰঃ অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সোমবাৰে মৰাণত ২০ টাকৈ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মৰাণৰ মাজমজিয়াত ট্ৰেফিক পইণ্টৰ সমীপত ২০ টাকৈ দল-সংগঠনৰ সদস্যসকলে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি কৃষক নেতা অখিল গগৈক ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে ৷ ইফালে কৃষক নেতাজনক মুক্তিৰ বাবে বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীতো চৰকাৰৰ বিৰুদ্ধে এতিয়াও অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷
ঠিক একেদৰে কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি, জাতিধ্বংসী 'কা' বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত সোমবাৰে মৰাণত ২০ টাকৈ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে যদি চৰকাৰে অখিল গগৈক মুক্তি নিদিয়ে আৰু 'কা' বাতিল নকৰে, তেনেহলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক সকিয়াই দিয়াৰ লগতে আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি হুংকাৰ দিয়ে । তাৰোপৰি আজি কৃষক আইনৰ বিৰুদ্ধে আহ্বান জনোৱা 'ভাৰত বন্ধ' আৰু কৃষকসকলৰ প্ৰতিবাদক পূৰ্ণ সমৰ্থন জনোৱা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।