ETV Bharat / city

সাপেখাতীত ডাইনীৰ সন্দেহত ৮০ বছৰীয়া বৃদ্ধাক নিৰ্যাতন

author img

By

Published : Dec 12, 2021, 10:38 PM IST

Updated : Dec 13, 2021, 3:17 PM IST

চৰাইদেউ সাপেখাতীত ডাইনী(Suspicion of Witch in Charaideu)ৰ সন্দেহত ৮০ বছৰীয়া বৃদ্ধাক নিৰ্যাতন ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে আটক কৰিছে ৭ জনকৈ লোকক ৷

80 year old abused on suspicion of witch in Sapekhati
সাপেখাতীত ডাইনীৰ সন্দেহত ৮০ বছৰীয়া বৃদ্ধাক নিৰ্যাতন

মৰাণ, 12 ডিচেম্বৰ : ৰাজ্যত পুনৰ ডাইনী কাণ্ড(Witch hunting in Assam) ৷ মানৱ সমাজক লজ্জানত কৰা এইবাৰ এই ঘটনা সংঘটিত হৈছে সাপেখাতীৰ টিমন বৰতানি অঞ্চলত । অঞ্চলটোৰ একাংশলোকে বিগত ১৫ দিনতকৈ অধিক দিন ধৰি এগৰাকী ৮০ উৰ্ধৰ বৃদ্ধাক ডাইনী সজাই চলাই আহিছিল নিৰ্যাতন(Abused on Suspicion of Witch) ৷ বৃদ্ধাগৰাকীক ২৩ নৱেম্বৰৰ নিশাই শোৱাপাটিৰ পৰা স্থানীয় একাংশ পুৰুষ মহিলাই উঠাই আনি সমীপতে থকা মন্দিৰত চাকি বন্তি জ্বলাই আঁঠু কঢ়াই ডাইনী বুলি সৈ কঢ়াবলৈ বাধ্য কৰাইছিল ৷

ইপিনে স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনী সজাই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰি আহিছিল ৷ আনহাতে, বৃদ্ধাগৰাকীৰ পুত্ৰ বোৱাৰী কৰ্মসূত্ৰে বৰহাটত থাকে ৷ পুত্ৰ দেওবাৰে নিজা গৃহত উপস্থিত হৈ মাতৃগৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিষয়ে অৱগত হোৱাত সাপেখাটি আৰক্ষীক অৱগত কৰে । সাপেখাতী আৰক্ষীয়ে এই সন্দৰ্ভত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৭ জন লোকক আটক কৰিছে ৷

আটকাধীন লোককেইজন হ'ল হেমন্ত বাস্কে, বিজু বৰা, দেবানন্দ টুদু , ৰাজীৱ টুদু, ৰূপলাল টুদু, সোণালী টুদু আৰু ৰূপালী টুদু । এই সমগ্ৰ ঘটনা সম্পৰ্কত দেওবাৰে সাপেখাতী আৰক্ষীক অৱগত নকৰাকৈ স্থানীয় গাঁওবুঢ়া জিতেন দত্তই এক সভা অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাটো নিষ্পত্তি কৰাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ।

লগতে পঢ়ক : Encounter in Dakmaka : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী

Last Updated : Dec 13, 2021, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.