ETV Bharat / city

ডিব্ৰুগড়ৰ কাৰাগাৰত ক’ভিড আক্ৰান্ত হৈছে অৰ্ধ শতাধিক - ডিব্ৰুগড় জিলা

কৰ’ণাৰ সংক্ৰমণৰ পৰা বাদ পৰা নাই ৰাজ্যৰ কেন্দ্ৰীয় কাৰগাৰৰ পৰা আৰম্ভ কৰি জিলা কাৰাগাৰৰ কয়দীসকল ৷ আলফা (স্বা)ৰ জোষ্ঠ নেতা জীৱন মৰাণ কৰ’ণাত আক্ৰান্ত যদিও সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত 52 গৰাকীকৈ কয়দী কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 19, 2021, 10:14 PM IST

ডিব্ৰুগড়, 19 মে’: কৰ’ণাৰ দ্বিতীয় ঢৌ'ত ব্যাপকভাৱে আক্ৰান্ত হৈছে ৰাজ্যবাসী ৷ ইতিমধ্যে ৰাজ্যত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ কামৰূপ জিলাৰ পাছতেই আটাইতকৈ বেছিকৈ লোক আক্ৰান্ত হৈছে ডিব্ৰুগড় জিলাত ৷ কৰ’ণাক ভয়াৱহ সংক্ৰমণৰ পৰা বাদ পৰা নাই ৰাজ্যৰ কেন্দ্ৰীয় কাৰগাৰৰ পৰা আৰম্ভ কৰি জিলা কাৰাগাৰৰ কয়দীসকল ৷

ৰাজ্যৰ অইন কাৰাগাৰৰ দৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়াৱহ গণ সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে ৷ বুধবাৰৰ দিনটোত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত 52 গৰাকীকৈ কয়দী কৰ’ণাত আক্ৰান্ত হৈছে ৷

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত 52 গৰাকীকৈ কয়দী কৰ’ণাত আক্ৰান্ত

আলফা নেতা জীৱন মৰাণকে ধৰি 52 গৰাকী কাৰাবন্দী ক'ভিডত আক্ৰান্ত হৈছে যদিও জীৱন মৰাণ বৰ্তমানেও সুস্থ অৱস্থাত আছে বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, জীৱন মৰাণক কিছুদিন পূৰ্বে কৰ’ণাৰ পৰীক্ষা কৰাত নিগেটিভ আহিছিল যদিও বুধবাৰে পুনৰ পৰীক্ষা কৰাত আলফা নেতাগৰাকীৰ দেহত কৰ’ণাৰ উপস্থিতি ধৰা পৰে ৷

বুধবাৰৰ দিনটোত ডিব্ৰুগড়ত 7 গৰাকী কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছে 413 গৰাকীকৈ ব্যক্তি ৷ বৰ্তমান লৈ জিলাখনত 8471 জন আক্ৰান্ত হোৱাৰ লগতে 96 গৰাকী কৰ’ণাত আক্ৰান্তৰ মৃত্যু হৈছে ৷ বৰ্তমানেও জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা 4206 গৰাকী ৷

লগতে পঢ়ক : অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.