ETV Bharat / city

নাহৰকটীয়াত ৫ মহীয়া শিশু ক’ভিডত আক্ৰান্ত - এসপ্তাহ

নাহৰকটীয়াত ৫ মহীয়া শিশুৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ৷ এসপ্তাহ ধৰি কাঁহত ভোগা শিশুটিক পৰীক্ষা কৰাত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷

নাহৰকটীয়াত ৫ মহীয়া শিশু ক’ভিডত আক্ৰান্ত

author img

By

Published : Apr 30, 2021, 10:48 AM IST

নাহৰকটীয়া, 30 এপ্ৰিল : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ । ৰাজ্যৰ গাঁৱে-ভূঞেঁ এতিয়া ক’ভিড-19 ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ইয়াৰ মাজতেই নাহৰকটীয়াৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ । বৃস্পতিবাৰে নাহৰকটীয়াৰ এটি ৫ মহীয়া শিশুৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ।

নাহৰকটীয়াত ৫ মহীয়া শিশু ক’ভিডত আক্ৰান্ত

নাহৰকটীয়া গেঠুপথাৰ গাঁৱৰ এটা পৰিয়ালৰ ৫ মহীয়া শিশুক বুধবাৰে টীকাকৰণৰ বাবে নাহৰকটীয়া সামূহিক চিকিৎসালয়লৈ অনা হয় । এসপ্তাহ ধৰি কাঁহত ভোগা শিশুটিক পৰীক্ষা কৰাত শিশুটিৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ।

ইফালে পিতৃ মাতৃৰ দেহত ক’ভিড-19ৰ উপস্থিতি নোপোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ক’ৰ পৰা কেনেকৈ শিশুটি কৰ’ণাত আক্ৰান্ত হ’ল তাকলৈ এতিয়া স্বাস্থ্য বিভাগৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইতিমধ্যে পিতৃ-মাতৃসহ শিশুটিক হোম আইছলেচনলৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক :জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.