মৰাণ,5 মে': ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত বুধবাৰৰ দিনটোত 35 জন লোকৰ দেহত কৰ’ণাৰ উপস্থিতি পোৱা গৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত বুধবাৰলৈকে সৰ্বমুঠ 508 গৰাকীকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ ইফালে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত বুধবাৰৰ দিনটোত 16 জনকৈ লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷
মাহমৰা অঞ্চলত এতিয়ালৈকে 92 গৰাকীকৈ লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্তসকলক হোম আইচ’লেচনত ৰখা হৈছে ৷ উল্লেখ্য যে, বৃহত্তৰ মৰাণ অঞ্চলত এতিয়ালৈকে সৰ্বমুঠ 601 লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক : নতুন ক’ভিড নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জখলাবন্ধাৰ ব্যৱসায়ীৰ