মৰাণ, 5 মে’ : ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰত(Chabua's Dinjoy Satra) বুধবাৰে পৰম্পৰাগত ৰীতি-নীতিৰে ১৮৩ গৰাকী পুৰুষ-মহিলাই একেলগে শৰণ লয়(183 take sharan in chabuas dinjoy satra) । দিনজয় সত্ৰৰ অন্তৰ্গত নাদুৱা যুৰীয়া নামঘৰ অধীনৰ সাতখন গাঁৱৰ ৮৯ গৰাকী পুৰুষ আৰু ৯৪ গৰাকী মহিলাই মায়ামৰা বৈষ্ণৱ ধৰ্মাৱলম্বীৰ নীতি নিয়ম অনুসৰি গৰখীয়া জীৱনৰ স্তৰ পাৰ কৰি শৰণীয়া হিচাপে জীৱনৰ দ্বিতীয় স্তৰত পদাৰ্পণ কৰে ।
সেই অনুসৰি পুৰুষসকলে ধৰ্মীয় ৰীতি-নীতিৰে সম্পূৰ্ণ মুণ্ডন কৰি এক বস্ত্ৰ (মাৰ্কিন কাপোৰ) পৰিধান কৰি ৮০ খিলা পাণ এখন আগলি কলপাতেৰে মেৰিয়াই মুঠ একাশীৰে নমস্কাৰ ভংগীত সত্ৰৰ পুখুৰীৰ পানীত তিনিবুৰ মাৰি এই প্ৰাথমিক কাৰ্য সম্পাদন কৰে । ইয়াৰ পিছতে সত্ৰৰ বৰনামঘৰত সাষ্টাংগে সেৱা কৰি পৰমাৰ্থিক ভক্তিমাৰ্গৰ জ্ঞান প্ৰদান কৰে শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰে ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৰাষ্ট্ৰীয় সন্মিলনৰ লগত সংগতি ৰাখি চাইকেল যাত্ৰা