ধুবুৰী, 22 ছেপ্টেম্বৰ : ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি অধ্যাদেশৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
![ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-21sep-youth-cong-protest-7203850_21092020161838_2109f_1600685318_383.jpg)
কেন্দ্ৰীয় চৰকাৰে কৃষকক মাধমাৰ সোধাই কৃষি খণ্ডৰ ওপৰত যি অধ্যাদেশ আনিব বিচাৰিছে সেয়া লৈ ৰাজ্যসভা আৰু লোকসভাৰ মজিয়াউত্তপ্ত হৈ আছে ৷ ইয়াৰ উপৰিও সমগ্ৰ দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে ।
![ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-21sep-youth-cong-protest-7203850_21092020161838_2109f_1600685318_555.jpg)
বিতৰ্কিত কৃষি অধ্যাদেশৰ বিৰোধিতা কৰি সোমবাৰে ধুবুৰীতো পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলা যুৱ কংগ্ৰেছে । ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা বিধানসভা যুৱ কংগ্ৰেছৰ সহযোগিতাত ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হোছেন মণ্ডলৰ নেতৃত্বত ধুবুৰী চহৰৰ মাজ মজিয়াত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষক বিৰোধী অধ্যাদেশৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।
![ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-21sep-youth-cong-protest-7203850_21092020161838_2109f_1600685318_78.jpg)
দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত অধ্যাদেশৰ ক্ষেত্ৰৰ কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে দেখা পোৱা যাব ।
লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড, আৱৰ্জনাৰ মাজতে খুলিলে মহাবিদ্যালয়