ETV Bharat / city

ধুবুৰীত পত্নীৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই - crisis time for assamese language

সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন দখিল কৰা পত্নী জয়শ্ৰী গোস্বামী মহন্তক লগত লৈ পত্নীৰ জন্মভূমিত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা বাৰ্তালাপত চৰকাৰক তীব্ৰ সমালোচনা মহন্তৰ ৷ সাহিত্য সভাৰ সভাপতি পদ প্ৰত্যাশী জয়শ্ৰী মহন্তই ক'লে অসমীয়া ভাষাৰ সংকট কালত অসমীয়া ভাষাক ধৰি ৰাখি স্বমৰ্য্যাদাৰে পুনৰ প্ৰতিষ্ঠা কৰাৰ সময় সমাগত ৷

সপত্নীক ধুবুৰীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Oct 11, 2019, 8:57 PM IST

Updated : Oct 11, 2019, 10:18 PM IST

ধুবুৰী,11 অক্টোবৰ: বৃহস্পতিবাৰে নিশা সাহিত্যিক পত্নী জয়শ্ৰী গোস্বামী মহন্তৰ সৈতে ধুবুৰীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ মূলত সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তথা সাহিত্যিক পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ এই ধুবুৰী ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে সপত্নীক প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ধুবুৰী জিলা আৱৰ্ত ভৱনত নিশা কটোৱাৰ পাছতে শুকুৰবাৰ দিনৰ ভাগত সাংবাদিকৰে মুখামুখি হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু জয়শ্ৰী গোস্বামী মহন্ত ৷

আগন্তুক সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়শ্ৰী মহন্তই অসমীয়া ভাষাৰ এই সংকট কালত অসমীয়া ভাষাক ধৰি ৰখা আৰু স্ব মৰ্য্যাদাৰে পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সাহিত্য সভাৰ কৰণীয় আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ সাহিত্যিক গৰাকীয়ে লগতে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আশা প্ৰকাশ কৰি কয় যে, "নিৰ্বাচন যদি সম্পূৰ্ণ নিকা আৰু শুদ্ধ হয় আৰু জিলা তথা শাখা সাহিত্য সভাৰ ফালৰ পৰা যদি স্বকীয় মহিমাৰে, নিজৰ স্বাধীনতাৰে বিচাৰ বিবেচনা কৰি ভোট প্ৰদান কৰা হয় তেন্তে নিৰ্বাচন নিশ্চয়কৈ ভাল হ'ব ৷"

ইফালে সাংবাদিকৰে হোৱা মুখামুখিত ৰাজ্যৰ সম-সাময়িক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল সমূহে কেতিয়াও আঞ্চলিক দল শক্তিশালী হোৱাটো নিবিচাৰে ৷ অসমত আঞ্চলিক দল শক্তিশালী হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মহন্তই অভয়াপুৰীত অনুষ্ঠিত হ'বলগীয়া অসম গণ পৰিষদৰ আগন্তক প্ৰতিষ্ঠা দিৱস লৈ নৱ-প্ৰজন্মক আদৰণি জনাই নতুন প্ৰজন্মক ৰাজ্যৰ আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনাই ৷ আনহাতে প্ৰাক্তন অগপ নেতাৰ পুনৰ অগপ যোগদান সন্দৰ্ভত মহন্তই কয়," সু-বুদ্ধি উদয় হোৱাৰ বাবে তেওঁলোক পুনৰ উভতি আহিছে এইয়া আঞ্চলিকতাবাদৰ বাবে এক শুভ লক্ষণ ৷" শেষত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নিপকো কাণ্ডৰো এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে ৷ লগতে তেওঁ কয় যে, এইয়া কেৱল অসম চৰকাৰৰে দায়িত্ব নহয় কেন্দ্ৰীয় চৰকাৰৰো ইয়াত দায়িত্ব আছে ৷

Intro: ধুবুৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। সাংবাদিকৰ মুখামুখি হৈ মহন্তই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন কৰি অসমৰ বাবে আঞ্চলিক দল শক্তিশালী হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি লগতে চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰিলে মহন্তই। লগতে নিপকো কাণ্ডৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

Body: ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল সমূহে কেতিয়াও আঞ্চলিক দল শক্তিশালী হোৱাটো নিবিচাৰে। অসমত আঞ্চলিক দলৰ প্ৰয়োজন আছে। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। ধুবুৰীত উপস্থিত হৈ সাংবাদিকৰ আগত অগপ দলৰ প্ৰসংগক লৈ এই মন্তব্য কৰাৰ বিপৰীতে অভয়াপুৰীত অনুষ্ঠিত হব লগীয়া অগপ দলৰ প্ৰতিষ্ঠা দিৱস লৈ শুভ কামনা জনাই নৱ প্ৰজন্ম অগপ দলৰ মজিয়াত আগবাঢ়ি আহি এক শক্তিশালী আঞ্চলিক ভেটি গঢ়ি তোলাৰ আশা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ইপিনে দলৰ প্ৰতিষ্ঠা দিৱসত কেইজনমান প্ৰাক্তন অগপ নেতাই পুণৰ দল ত্যাগ কৰি অগপ দলত যোগদান কৰা প্ৰসংগত মহন্তই কয়ঃ তেওঁলোকে এটা সময়ত দলৰ পৰা আঁতৰি গৈছিল যদিওঁ এতিয়া তেওঁলোকৰ সু-বুদ্ধি উদয় হৈছে বাবে আকৌ দললৈ ঘূৰি আহিব বিচাৰিছে। লগতে সকলোৱে মিলি আঞ্চলিক দলটোক শক্তিশালী কৰাটো দলৰ বাবে শুভ লক্ষণ বুলিও মন্তব্য কৰাৰ বিপৰীতে নতুন নতুন আঞ্চলিক দল গঠন কৰা হলে কেৱল ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ বাবে ভাল হব বুলিও তাৎপৰ্যপূৰ্ণ মূলক মন্তব্য কৰে মহন্তই।

Byte:- প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী।

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ প্ৰসংগৰ লগতে অসমৰ নিবনুৱা সমস্যা, উন্নয়ন আৰু উদ্যোগ প্ৰতিষ্ঠানৰ জ্বলন্ত সমস্যা সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অসম আৰু কেন্দ্ৰীয় চৰকাৰক কোঠৰ ভাবে সমালোচনা কৰে।

Byte:- প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী।

আনহাতে শেহতীয়াকৈ নিপকো কাণ্ডৰ প্ৰসংগ উপস্থাপন কৰি কেৱল অসম চৰকাৰে নহয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰো কিছু দায়িত্ব আছে বুলি মন্তব্য কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

Byte:- প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী।

Conclusion:উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৃহস্পতিবাৰে নিশাৰ ভাগত ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হয় নিজৰ সহধৰ্মিনীৰ সৈতে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : Oct 11, 2019, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.