ETV Bharat / city

ধুবুৰীৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান : উদ্ধাৰ বিলাতী সুৰা

author img

By

Published : Aug 23, 2020, 10:33 PM IST

ধুবুৰী আৰক্ষীৰ সফলতা ৷ পান দোকান, ষ্টেচনাৰী দোকানত অভিযান চলাই দমে দমে উদ্ধাৰ বিলাতী সুৰা, অবৈধ ডিজেলৰ গেলন । সুৰা সহ দুজনক আটক ।

ধুবুৰীৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান : উদ্ধাৰ বিলাতী সুৰা
ধুবুৰীৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান : উদ্ধাৰ বিলাতী সুৰা

ধুবুৰী, 23 আগষ্ট: দেওবাৰে ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান । পান, ষ্টেচনাৰী দোকানৰ পৰা দমে দমে উদ্ধাৰ বিলাতী সুৰাৰ লগতে অবৈধ ডিজেল ভৰ্তি গেলন । গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত পাগলাহাট বজাৰত এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

ধুবুৰী আৰক্ষীৰ সফলতা : সুৰা সহ আটক দুজনক

ধুবুৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰু বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুছ ছবুৰৰ সহযোগত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি বালাজান বজাৰৰ লগতে পাগলাহাট বজাৰ অঞ্চলত অভিযান চলায় ।

অভিযানত পান দোকান আৰু ষ্টেচনাৰী দোকানৰ পৰা অবৈধ ভাবে মজুত ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে । পিছত ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰি বালাজান আৰক্ষী চকীলৈ অনা হয় । অবৈধ সুৰা সহ নিপুল ৰায় আৰু বিৰেণ ৰায় নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ বিপৰীতে দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰে । আটকাধীন যুৱক দুয়োকে সুৰা সহ আবকাৰী বিভাগক চমজাই দিয়া হয় বুলি আৰক্ষীৰ সূত্ৰই জনাইছে । উল্লেখযোগ্য যে বালাজান অঞ্চলত ধৃত দুয়ো দীৰ্ঘদিনৰ পৰাই পান দোকানৰ সুযোগ লৈ অবৈধ ভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।

লগতে চাওক-AIUDF ৰ সৈতে বৈঠক সন্দৰ্ভত জ্ঞাত নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.