বৰপেটা, ২৯ জুলাই : ৰাজ্যজুৰি ভয়ংকৰভাৱে শিপা মেলিছে জেহাদীয়ে ৷ সঘনাই ৰাজ্যত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাই চকু কঁপালত তুলিছে ৰাজ্যবাসীৰ (Jihadi in Assam) ৷ বিগত দুদিনত মৰিগাঁও আৰু বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বহুকেইজন জেহাদী ৷ বৃহস্পতিবাৰে আটক কৰা 8 জেহাদীক বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে (Jihadi arrested in Barpeta) ৷ এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে জিলাখনৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷
আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, বৰ্তমানলৈকে আটকাধীন ১১ টা জেহাদীৰ ভিতৰত ৮ টাক গ্ৰেপ্তাৰ কৰা হৈছে (Jihadi trap in Assam) ৷ বাকী ৩ টা সন্দেহযুক্ত জেহাদীক সোধপোছ অব্যাহত ৰখা হৈছে ৷ বাংলাদেশৰ আনছাৰুল বাংলা টীম আৰু AQIS সৈতে জড়িত আছে ধৃত ৮ জেহাদী ৷ ত্ৰিপুৰা আৰু মধ্যপ্ৰদেশৰ ভূপালৰ সৈতেও ধৃত ৮ জেহাদীৰ লিংক পোৱা গৈছে ৷ মধ্যপ্ৰদেশ আৰু ত্ৰিপুৰাত জেহাদী কাৰ্যকলাপত বৰপেটাৰ জেহাদী গোট জড়িত আছিল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে (Ansarullah Bangla team) ৷

লক্ষ্যণীয়ভাৱে, ২০১৯ চনৰ পৰাই বাংলাদেশৰ পৰা অহা ৩ টাকৈ বাংলাদেশী AQIS জেহাদীয়ে বৰপেটাত বাহৰ পাতি চলাই আছিল জেহাদী কাৰ্যকলাপ (Jihadi activities in Assam Madrasas)৷ তিনি বাংলাদেশী নাগৰিক তথা AQIS-ৰ জেহাদীৰ ভিতৰত ইতিমধ্যে মহম্মদ চুমন আৰু ফজৰ আলী ওৰফে ছৰিফুল মণ্ডল ইতিমধ্যে NIA ৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছে ৷

আনহাতে, বৰপেটাত বাহৰ পাতি জেহাদৰ জাল পেলোৱা আনজন বাংলাদেশী নাগৰিক পলাতক হৈ আছে ৷ মহম্মদ চুমনক বিগত মাৰ্চ মাহত বৰপেটাৰ হাউলীৰ ঢাকালিয়াপাৰাত অৱস্থিত ছাইফুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল NIA ই ৷ আনজন বাংলাদেশী জেহাদী ছৰিফুল মণ্ডলক মধ্যপ্ৰদেশৰ ভূপালত NIA ই গ্ৰেপ্তাৰ কৰিছিল ৷

বৰপেটাৰ আৰক্ষী অধীক্ষকে সংবাদমেলত জনোৱা মতে, ধৃত ৮ জেহাদীৰ ভিতৰত দেৱান হামিদুল ইছলামে বাংলাদেশলৈ অহা যোৱা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ জেহাদীটো বাংলাদেশলৈ কিয় গৈছিল আৰু তাত কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সম্পৰ্কে আৰক্ষীৰ জেৰা অব্যাহত আছে ৷ আজি ধৃত ৮ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷

গ্ৰেপ্তাৰ হোৱা ৮ জেহাদীক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৯ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ ইপিনে এতিয়ালৈকে NIA ই জেৰা কৰা নাই যদিও তেওঁলেকেও নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে এই জেহাদী কেইটাক ৷

উল্লেখ্য, বুধবাৰে নিশা বৰপেটাৰ জনীয়া, সৰুক্ষেত্ৰী আৰু গুৱাহাটীৰ পৰা আটক কৰা 11 জেহাদীক সোধ পোছৰ অন্তত ইয়াৰে 8 জেহাদীক গ্ৰেপ্তাৰ কৰা বুলি আজি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই (Police arrested suspected jihadi) ৷ ইপিনে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱা মতে আৰক্ষীয়ে অন্য তিনি জেহাদীক সোধপোছ অব্যাহত ৰাখিছে ৷

ধৃত 8 জেহাদী ক্ৰমে জুবেইৰ খান, ৰফিকুল ইছলাম, দেৱান হামিদুল ইছলাম, মইনুল হক, কাজিবুৰ হুছেইন, ছাহজাহান আলী, মজিবৰ ৰহমান আৰু ছাহনুৰ আলম ৷ ইয়াৰে 7 জনক বৰপেটাৰ জনীয়া আৰু সৰুক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ছাহনুৰ আলমক গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

ধৃত জেহাদীকেইটাক জেহাদীকে বৰপেটা সদৰ থানাত C/No. 763/22 U/S 120(b)/121/121(A) IPC read with Sec 17/18/18(B)/19/20 UA(P) Act,1967.নম্বৰ গোচৰ মৰ্মে গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইফালে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে অভিযান (Madrasa sealed in Morigaon)চলাই মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰিছিল (Police arrested Madrasa head Mufti Mustafa)৷ ইয়াৰ পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে (Jihadi activities from madrasa in Morigaon) ৷ মুফতিক সোধ পোছৰ পিছতে দুদিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Jihadi arrested in Barpeta: আটকাধীন ৮ জেহাদীক গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে